এন আৰ এলৰ দ্বাৰা অসমৰ ৭২০ টা গ্ৰামীণ পৰিয়ালক চ’লাৰ ডোমেষ্টিক চিষ্টেম প্ৰদান

নুমলীগড় ৰিফাইনেৰী লিমিটেডে এনাৰ্জি এণ্ড ৰিচ’ৰ্চেছ ইনষ্টিটিউটক ৰূপায়ণৰ অংশীদাৰ হিচাপে লৈ চ’লাৰ ডোমেষ্টিক চিষ্টেম ব্যৱহাৰ কৰি অসমৰ গোলাঘাট জিলাৰ প্ৰায় ৭২০ টা বিদ্যুৎবিহীন পৰিয়ালক বৈদ্যুতিকৰণ ব্যবস্থা কৰে।যোৰহাট, মাজুলী আৰু কাৰ্বিআলং জিলাৰ তিনিখন গাঁৱকো সামৰি লোৱা হয়।২০০৬ চনতে এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছিল আৰু তিনিটা পৰ্যায়ত ১৮ খন গাঁৱৰ ৭২০ টা পৰিয়ালক সামৰি লোৱা হৈছিল।
পোহৰৰ বাবে এই গাঁৱসমূহ কেৰাচিন লেম্পৰ ওপৰত আছিল। দুই প্ৰকাৰৰ পদ্ধতি যুগুত কৰা হৈছিল।এটা আছিল চাৰিটা পইণ্টৰ আৰু আনটো আছিল এখন ফেন আৰু দুটা লাইটৰ পইণ্ট।ফেন আৰু লাইট পইণ্টৰ উপৰিও এটা মোবাইল চাজিং পইণ্ট আৰু এটা পৰ্টেব’ল মেন্থালো প্ৰদান কৰা হৈছিল।এছ ডি এছ এ ইয়াৰ সম্পূৰ্ণ সক্ষমতাৰে এটা দিনত ৪-৬ ঘণ্টালৈকে চলিবলৈ সক্ষম।ব্যৱহাৰকাৰীয়ে অপ্রিম ধন হিচাপে চিষ্টেমৰ মুঠ খৰচৰ ১০ শতাংশ পৰিশোধ কৰে। বাকী ধনৰাশি এন আৰ এল এ ইয়াৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা নিধিৰে পৰিশোধ কৰে।
এই পৰিয়াল সমূহ গুণগত পোহৰ লাভ কৰিছে। পোহৰৰ উদ্দেশ্যত কেৰাচিন কম ব্যৱস্থাৰ আছিল এছ ডি এছৰ এক নিশ্চিত লাভ। গ্ৰীড ইলেক্টিচিটিৰ অভাৱত এই পৰিয়াল সমূহে পোহৰ বাবে মাহে প্ৰায় ৫-৬ লিটাৰকৈ কেৰাচিন খৰচ কৰিছিল।ৰাজহুৱা বিতৰণ ব্যৱস্থাৰে এটা পৰিয়ালে ২.৫ ৰ পৰা ৩ লিটাৰকৈ কেৰাচিন লাভ কৰে।অৱশিষ্ট কেৰাচিন তেওঁলোকে মুকলি বজাৰত উচ্চ দামত কিনিব লগীয়া হৈছিল।অতিকৈ ভিতৰুৱা গাঁৱসমূহত গাঁও বাসীয়ে মুকলি বজাৰৰ পৰা কেৰাচিন কিনিবলৈ বহু দুৰলৈকে যাবলগীয়া হৈছিল।
এছ ডি এছ হৈ পৰিছিল এক আশীৰ্বাদ স্বৰূপ,বিশেষকৈ এই ভিতৰুৱা গাঁৱসমূহৰ বাবে।ব্যৱহাৰকাৰী সকলৰ মাজত অত্যাধিক সঁহাৰি আছিল হাতী আৰু সাপৰ পৰা ভয় হ্ৰাস হোৱাটো যিহেতু হাতীয়ে আক্ৰমণ আৰু সৰ্পদংশন এই গাঁও সমূহত সঘনাই সংঘটিত হয়। ব্যৱহাৰী সকল এই পদ্ধতি চোৱাচিতা কৰাত অতি পৰিপাটি আৰু সংস্থাপকৰ দ্বাৰা প্ৰদান কৰা নিৰ্দেশনাৱলী অনুসৰি এই পদ্ধতি ব্যৱহাৰ কৰে।
গাঁও সমূহত অতি স্নেহেৰে যেন আদৰি লৈছে কিয়নো ইয়ে গৰম আৰু গ্ৰীষ্মৰ আদ্ৰতাত সকাহ দিছে।ফেন লাভ কৰা পৰিয়াল সমূহে এতিয়া গাঁৱত ভাল মৰ্যদাৰে জীৱন যাপন কৰিছে বুলি ব্যক্ত কৰে।
২০১৬ চনৰ পৰা গাঁও সমূহত বৈদ্যুতিকৰণ কাম ক্ষিপ্ৰ হৈছে। এছ ডি এছ সম্পন্ন পৰিয়াল সমূহ কিন্তু বিদ্যুৎ বিহীন পৰিয়াল সমূহে সন্ধিয়াৰ সময়ছোৱাত গুণগত পোহৰ লাভ কৰিছে। আকৌ বৈদ্যুতিকৃত পৰিয়াল সমূহে সন্ধিয়াৰ সময়ছোৱাত বিজুলী কৰ্তনৰ বাবে কম গুণগত মানৰ কেৰাচিন লেম্প ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে।এছ ডি এছ সম্পন্ন পৰিয়াল সমূহে আইন সংগত বিজুলী সংযোগ লাভ কৰা পৰিয়ালতকৈ সূৰ্যাস্তৰ পাছৰ সময়ছোৱাত গুণগত মানৰ পোহৰ লাভ কৰি সন্তুষ্টি লাভ কৰিছে।
কেৰাচিনত হোৱা খৰচ, এছ ডি এছ আৰু পৰম্পৰাগত বিদ্যুৎ এছ ডি এছ অবিহনে বিদ্যুৎ বিহীন পৰিয়াল আৰু বৈদ্যুতিকৃত পৰিয়াল সমূহতকৈ এছ ডি এছ সম্পন্ন পৰিয়াল সমূহৰ পোহৰৰ খৰচ কম বুলি সংকেত দিছে।
২০১৯ চনৰ শেষলৈ এছ ডি এছ সম্পন্ন বহুতো পৰিয়ালে বিদ্যুৎ লাভ কৰিছে।বৰষুণৰ বতৰত আৰু বানপানীৰ সময়ত এছ ডি এছ অধিক কাৰ্যকৰী যিহেতু এই সময়ছোৱাত প্ৰায় ১৫-২০ দিনলৈকে পৰম্পৰাগত বিদ্যুৎ যোগান ব্যাহত হয়।ইয়াৰ প্ৰধান লাভ এয়ে যে আৱশ্যকতাৰ সময়ত ব্যৱহাৰকাৰীয়ে গুণগত মানৰ পোহৰ লাভ কৰে আৰু ইয়াক কোনো নিয়মীয়া খৰচ নাই।

Comments (0)
Add Comment