এশ পঞ্চাশ জন লোকক খাদ্যৰ টোপোলা বিলালে অক্ষয় পাত্ৰই

ক’ৰণাৰ কৰাল গ্ৰাসত পৰি আৰ্থিক ভাৱে দুৰ্বল হৈ পৰা তথা দুবেলা দুমুঠি খাদ্যৰ বাবে ভীষণ কষ্টৰ সম্মুখীন হোৱা প্ৰায় এশ পঞ্চাশ জন লোকক একোটাকৈ খাদ্যৰ টোপোলা বিলালে অক্ষয় পাত্ৰ ফাউণ্ডেচনে।যোৱা শনিবাৰে টীয়কৰ জগদুৱাৰস্থিত সিংহ যুৱক প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱা সোঁৱৰণী নাট্য মন্দিৰ প্ৰাংগনত অনুষ্ঠিত খাদ্য বিতৰণ কায্যসূচী জগদুৱাৰ যুৱ সংঘৰ উদ্যোগত আৰু অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ পূৰ্ণ সহযোগিতাত সফলভাবে অনুষ্ঠিত হৈ যায়।শিক্ষাবিদ তথা সমাজকৰ্মী অশোক বৰাই সভাপতিত্ব কৰা অনুষ্ঠানটোত অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ হৈ সন্তোষ ৰঞ্জন তামুলী ,নিৰূপম মল্লিকৰ সহিতে বহু কেইজন সদস্যই অংশগ্ৰহণ কৰে লগতে অনুষ্ঠানটোত টীয়ক পৌৰসভাৰ প্ৰাক্তন সভাপতি ৰফিক উজ জামানকে প্ৰমুখ্যে কৰি জগদুৱাৰ অঞ্চলৰ বহু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত এশ জন লোকক খাদ্যৰ টোপোলা বিতৰণ কৰে।ইয়াৰ উপৰিও জগদুৱাৰ যুৱসংঘৰ হাতত আৰু পঞ্চাশটা টোপোলা অৰ্পণ কৰি থৈ যায়।পিছত জগদুৱাৰ যুৱসংঘৰ দায়িত্বশীল সদস্য সকলে ঘৰে ঘৰে গৈ আৰ্থিক ভাৱে দুৰ্বল লোকক টোপোলা সমূহ বিতৰণ কৰে ।জগদুৱাৰ যুৱ সংঘই আয়োজন কৰা বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি শৃংখলাবদ্ধ ভাবে খাদ্যৰ টোপোলা সংগ্ৰহ কৰা প্ৰতি জন লোককে ধন্যবাদ অক্ষয় পাত্ৰৰ বিষয়ববীয়া সকলে ধন্যবাদ জ্ঞাপন কৰে।
বাতৰি যুগুতালে টীয়কৰ পৰা উৎপল খাউণ্ডে

Comments (0)
Add Comment