কবিতাৰ মহাসন্মিলন অসমৰ উদ্যোগত কবিতাৰ আড্ডা সম্পন্ন

চ’তৰ পছোৱাই প্ৰকৃতিক চুই যোৱা বতৰতে আজি গুৱাহাটী প্ৰেছ ক্লাৱত কবিতাৰ মহাসন্মিলন অসমৰ উদ্যোগত অনুষ্ঠিত কৰা হয় কবিতাৰ আড্ডা শীৰ্ষক এক মননশীল কাব্যনুষ্ঠান। কবিতাৰ মহাসন্মিলন অসমৰ সভাপতি চিন্তাশীল লেখক মুকুট শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে ৰমনী মোহন কলিতা , প্ৰসন্ন গগৈ । উল্লেখযোগ্য যে কবিতাৰ মহাসন্মিলন অসমৰ সাধাৰণ সম্পাদক জোন বৰা,সহ:সম্পাদক আব্দুল হাইৰ লগতে কবিতাৰ মহাসন্মিলন মহানগৰ শাখাৰ সম্পাদিকা ৰঞ্জনা পাঠকৰ বিশেষ তৎপৰতাত অনুষ্ঠিত আজিৰ অগতানুগতিক মননশীল কাব্যনুষ্ঠানত কবিতাৰ গতিশীলতা,আধুনিকতা, আদি সম্পৰ্কত আলোচনা পৰ্যালোচনা কৰাৰ লগতে সভাত উপস্থিত প্ৰায় চল্লিশ গৰাকী কবিয়ে কবিতা পাঠ কৰে।

Comments (0)
Add Comment