কলাগুৰু সংগীত মহোৎসৱ আয়োজন

তুমি সুবাস অসমীৰে,তুমি সুৱাস সৃষ্টিৰে..হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ পদক্ষেপত অহা ৩১ আৰু ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব কলাগুৰু সংগীত মহোৎসৱ,২০২০।কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন,জুবিন ফেন ক্লাৱ আৰু টংলাবাসী ৰাইজৰ সহযোগত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই অনুষ্ঠান অনুষ্ঠিত হ’ব।এই মহোৎসৱৰ শুভাৰম্ভণী কৰিব সাহিত্য অকাডেমী বঁটা বিজয়ী,টংলা মহাবিদ্যালয়ৰ প্ৰৱক্তা ড০ ৰীতা বড়োৱে।অনুষ্ঠানৰ লগত সংগতি ৰাখি ৩১ তাৰিখে এক বৰ্ণাঢ্য শোভাযাত্রা কৰিব।উল্লেখ্য যে টংলাৰ চমুৱাপাৰাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্থায়ী প্ৰতিমূৰ্তি উন্মোচিত কৰিব পৃথ্বিৰাজ ৰাভা,হেমৰাজ ৰাভা আৰু জুবিন গাৰ্গে।এই অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ৰাভা সংগীত আৰু আধুনিক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।১ ফেব্ৰুৱাৰীত চাইক্লিঙ,ৰক্তদান শিবিৰৰ লগতে অন্তৰংগ আলাপ,লোকনৃত্যানুষ্ঠান,বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব।সন্ধিয়ালৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ সংগীতানুষ্ঠান।উদ্যোক্তাসকলে এই দুদিনীয়া মহোৎসৱত ৰাইজৰ উপস্থিতি কামনা কৰিছে।সবিশেষ জানিবলৈ ৯৮৫৪২৬৫৬২৮ আৰু ৯৪৩৫৬৯২৮৯৩ নম্বৰত যোগাযোগ কৰিব পাৰে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে.. 

Comments (0)
Add Comment