কামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰীক্ষা পে চৰ্চা” অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ

আজি কামৰূপ জিলাৰ আমিনগাঁওস্থিত সংহত উপায়ুক্ত কাৰ্যালয়ত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষাৰ্থী সকলৰ মাজত আত্মবিশ্বাস জগাই তুলি এক চাপমুক্ত আৰু উন্নত শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যেৰে নতুন দিল্লীত আয়োজিত “পৰীক্ষা পে চৰ্চা” অনুষ্ঠানত প্ৰদান কৰা বক্তব্যৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। কামৰূপ জিলাৰ উন্নয়ন আয়ুক্ত নৰসিং বে, শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, বিদ্যালয় সমূহৰ পৰিদৰ্শক অপুৰ্ব ঠাকুৰীয়াৰ লগতে জিলাখনৰ ৮খন বিদ্যালয়ৰ ২০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা উপদেশ তথা বিভিন্ন প্ৰশ্নোত্তৰ মনোযোগেৰে শুনে। এই অনুষ্ঠানত জিলাখনৰ দ’দৰা উচ্চ মধ্যমিক বিদ্যালয়, দলিবাৰী উচ্চ মধ্যমিক বিদ্যালয়, শৰাইঘাট উচ্চ মধ্যমিক বিদ্যালয়, ধোপাটাৰী শিলভড়াল উচ্চ মধ্যমিক বিদ্যালয়, সৰলা বিৰলা জ্ঞানজ্যোতি বিদ্যালয়, চাংসাৰী উচ্চতৰ মধ্যমিক বিদ্যালয়, চৌকি উচ্চ মধ্যমিক বিদ্যালয়, আমিনগাঁও উচ্চ মধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰাৰ উপৰি জিলাৰ বিভিন্ন বিদ্যালয়ত আয়োজন কৰা পোনপটীয়া সম্প্ৰচাৰ কাৰ্যসূচীত জিলাখনৰ জনপ্ৰতিনিধি শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক,বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য-সদস্যা সকলে অংশ গ্ৰহণ কৰে।

সংহত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই সম্প্ৰচাৰৰ আৰম্ভণিতে জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ সমাপ্ত হোৱাৰ পিছত এই কাৰ্যসূচীৰ অংশ হিচাপে ইতিমধ্যে অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা আমিনগাঁও উচ্চ মধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী আচিদা খাতুন আৰু ২ স্থান প্ৰাপ্ত দলিবাৰী উচ্চ মধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ মৃন্ময় বৈশ্যক পুৰষ্কাৰ প্ৰদান কৰা হয়। তদুপুৰি আজিৰ এই কাৰ্যসূচীত শ্ৰেষ্ঠ শ্ৰোতা (Best Listener) হিচাপে বিৱেচিত সৰলা বিৰলা জ্ঞানজ্যোতি বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী অনুজা বি. তনয়া আৰু আমিনগাঁও উচ্চ মধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী পায়েল চক্ৰৱৰ্ত্তীক পুৰষ্কৃত কৰা হয়। অনুষ্ঠানত দুয়োগৰাকী ছাত্ৰীয়ে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা বিভিন্ন উপদেশ সামৰি চমু বক্তব্য প্ৰদান কৰে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Comments (0)
Add Comment