কামৰূপৰ অতিৰিক্ত উপায়ুক্তদ্বয় কাঠকটীয়া আৰু বাগলাৰীক আনুষ্ঠানিক বিদায় সম্বৰ্ধনা

বদলিসূত্ৰে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত প্ৰধান সচিব আৰু বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদৰ যুটীয়া সচিব ৰূপে কৰ্মত যোগদান কৰা কামৰূপৰ অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে প্ৰশান্ত প্ৰতীম কাঠকটীয়া আৰু সুজিত বাগলাৰীক আজি আনুষ্ঠানিকভাৱে কৃতজ্ঞতাসূচক বিদায় সম্ভাষণ জনোৱা হয়। জিলা প্ৰশাসনৰ সমূহ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত সম্বৰ্দ্ধনা সভাত উপস্থিত সকেলাৱে একেমুখে বিষয়াদুগৰাকীৰ কৰ্মপটুতা আৰু নিষ্ঠাৰ বিষয়ে উল্লেখ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত বিদায়ী বিষয়া প্ৰশান্ত প্ৰতীম কাঠকটীয়াই কামৰূপ জিলাত আগবেঢ়াৱা শান্তিপূৰ্ণ সেৱাৰ এই সময়ছোৱা স্মৰণীয় হৈ ৰ’ব বুলি অৱগত কৰে। জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকে আগন্তুক দিনত বিদায়ী বিষয়া দুগৰাকীয়ে নিজ নিজ গুৰুত্বপূৰ্ণ পদবীৰ পৰা অভিজ্ঞতালব্ধ জ্ঞানেৰে জনসাধাৰণক উপকৃত কৰিব পৰা পদক্ষেপ ল’বলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে।

Comments (0)
Add Comment