কামৰূপ কৃষি বিজ্ঞান কেন্দ্রত সংবিধান দিৱস উদযাপন

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত আজি সংবিধান দিৱস উদযাপন কৰা হয়। সংবিধান দিৱসটিৰ আঁত ধৰে উদ্যান শস্য বিশেষজ্ঞা ড০ দৰদী প্ৰিয়ম দুৱৰাই ।এই দিৱসত আই. চি. এ. আৰ. আটাৰীৰ সঞ্চালক ড° অনিল এিপাঠী,অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা বিভাগৰ সঞ্চালক ড০ প্ৰসন্ন কুমাৰ পাঠক,চি.বি.বি. অ. ৰ মূখ্য বিষয়া ড° প্রমোদ ডেকা, উদ্যান শস্য গৱেষণা কেন্দ্রৰ প্রধান বিজ্ঞানী ড° জয়ন্ত শৰ্মা,কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী ড° ধীৰেন কলিতা,বিশেষজ্ঞা ড° মধুসমিতা কটকী, পৰাগ শইকীয়া, কৰ্মচাৰীৰ উপস্থিতিত কৃষি বিজ্ঞান কেন্দ্রৰ প্রাণজল ঠাকুৰীয়াই ভাৰতীয় সংবিধানৰ প্রস্তাবনা পাঠ কৰায় আৰু লগতে অসমৰ বিভিন্ন জিলাৰ পৰা অহা কৃষক উৎপাদক কোম্পানীৰ সদস্যসকলেও সহপাঠ কৰে।
বাতৰি যুগুতালে জিতুমণি দাসে

Comments (0)
Add Comment