অৰুণাচল, নাগালেণ্ডৰ লগতে অসমৰ বিভিন্ন জিলাত আজি অনুষ্ঠিত ভূমিকম্পৰ ‘মেগা মক ড্ৰিল’ ৰ লগত সঙ্গতি ৰাখি কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিভিন্ন স্থানত ভূমিকম্পৰ এক মেগা মকড্ৰিল অনুষ্ঠিত হয়। জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া তথা মহকুমাধিপতি (সদৰ) জয় শিবানীৰ পৰিচালনাত মকড্ৰিল অনুষ্ঠিত স্থানসমূহ আছিল দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, সোণাইগলিৰ দক্ষিণগাওঁ নাৰায়ণ বিদ্যালয়, ৰিজেন্ট পেৰডাইজ এপাটৰ্মেণ্ট, এক্সেলকেয়াৰ হস্পিতেল আৰু চিটি চেণ্টাৰ মল। ‘ইনাচিডেণ্ট কামাণ্ডাৰ’ জয় শিবানীৰ অধীনত জিলাখনৰ এই মকড্ৰিলত বিভিন্ন বিভাগৰ প্ৰায় ৩০০ বিষয়া-কৰ্মচাৰী নিয়োজিত কৰা হৈছিল বুলি জিলা দুৰ্যোগ প্ৰশমন বিষয়া কৌস্তভ তালুকদাৰে জনায়।
কামৰূপ মহানগৰত ভূমিকম্পৰ মেগা মকড্ৰিল
