কালজয়ী চিৰাজৰ আজি প্ৰদৰ্শনী হ’ব

চলচিত্ৰ প্ৰেমী সকললৈ সুখবৰ ।অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা ছিৰাজ নামৰ চলচ্চিত্ৰ খনৰ আজি গুৱাহাটী প্ৰেছ ক্লাবত প্ৰদৰ্শনী হ’ব ।বিয়লি ৩.৩০ বজাত এই চলচিত্ৰ খন প্ৰদৰ্শনী হ’ব ।১৯৮৮ চনতেই মুক্তিপ্ৰাপ্ত এই ছবিখন প্ৰযোজনা কৰিছিল ৰোমান বি মেহতাই।ছবিখনত সুধাকণ্ঠৰ উপৰিও লতা মংগেশকাৰে এটা গানত কণ্ঠদান কৰিছিল।চলচিত্ৰ খনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নিপন গোস্বামীয়ে।মৃদুলা বৰুৱা, পূৰবী শৰ্মা আৰু ৰূপক বৰুৱাও অন্যান্য চৰিত্ৰ অভিনয় কৰিছে।

Comments (0)
Add Comment