কালি আনুষ্ঠানিকভাৱে উন্মোচন হ’ল অৰণ্য ৰোদন

বোকাখাতৰ শিক্ষয়ত্ৰী শিখামণি গগৈৰ এখন শিশু উপন্যাস অৰণ্য ৰোদন কালি আনুষ্ঠানিকভাৱে বোকাখাতত উন্মোচন হয় ৷বোকাখাত বিবাহ ভৱনত আয়োজিত উন্মোচনী সভাত উপন্যাস খন উন্মোচন কৰে বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ প্ৰৱক্তা ড৹ ৰুবী বৰাই ৷
বোকাখাতৰ জেষ্ঠ সাংবাদিক বুবুল দত্তই আঁত ধৰা এই অনুষ্ঠানত বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপুৰ্ব বৰদলৈ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, বিশিষ্ট কবি অজিত গগৈ, মনালিচা শইকীয়া আৰু ড৹ অৰুণ বৰাৰ লগতে বোকাখাতৰ বিশিষ্ট লোক উপস্থিত থাকে ৷উল্লেখ্য যে কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপযোগী এই উপন্যাস খন ক’ভিড -১৯ৰ সংক্ৰমণ কালৰ লক ডাউনৰ সময়ত ফেচবুকৰ পাতত ধাৰাবাহিক ভাৱে প্ৰকাশ পাইছিল৷

Comments (0)
Add Comment