কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কচু খেতিৰ সম্পৰ্কত সজাগতা সভা

পশ্চিম গুৱাহাটীৰ আজাৰা কাহিকুঁছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত আৰু কেন্দ্ৰৰ মুৰব্বী ড০ ধীৰেন্দ্ৰ নাথ কলিতাৰ নেতৃত্বত কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জয়কুচি গাঁৱত আজি অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ অধীনত এক সজাগতা সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে জয়কুচি গাঁওত কচু শস্য প্রকল্পৰ সাহাৰ্যত ২০ জন কৃষক মিলি আহিনীয়া কচুৰ খেতি কৰে । কচুৰ বীজ, চাহিদা আৰু বজাৰ দখল কৰাৰ লক্ষ্যৰে ৪০ জনৰো অধিক গাঁওবাসীৰ মাজত কচুখেতিৰ ওপৰত কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যান শস্য বিশেষজ্ঞা ড০ দৰদী প্রিয়ম দুৱৰাই চমুকৈ বাখ্যা দাঙি ধৰে। আনহাতে সভাত কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী আৰু বিশেষজ্ঞ ৰিজুৱানূল হেলিমও সহযোগ কৰে।

Comments (0)
Add Comment