ক্ৰোধৰ সংবাদমেল

ধৰ্ষণ সমাজৰ এক ব্যাধি। এই ব্যাধিক সমাজৰ পৰা দূৰীভূত কৰাৰ উদ্দেশ্যৰে “ক্ৰোধ” চলচিত্ৰখন নিৰ্মাণ কৰা হৈছে। এই মন্তব্য চলচিত্ৰ পৰিচালক মনোজ বৈশ্যৰ। আজি ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজন কৰা এখন সংবাদ মেলত এই কথা জানিবলৈ দিয়ে। ক্ৰোধ, প্ৰতিশোধ, অপৰাধ, অনুশোচনাৰ দগ্ধ বহুজনৰ বিষাদৰ কাহিনী চিনেমাত প্ৰতিফলিত হৈছে। উচ্চমানৰ সংগীত এই চিনেমাখনৰ অন্যতম অলংকাৰ। শক্তি ফিল্ম প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই চিনেমাখনৰ দৈৰ্ঘ্য ২ ঘণ্টা। অহা ১৬ ফেব্ৰুৱাৰীত ক্ৰোধে অসমৰ সকলো ছবি গৃহতে মুক্তি লাভ কৰিব।

Comments (0)
Add Comment