ক’ৰণা ভাইৰাছক প্ৰতিহত কৰিবলৈ যোৰহাট জিলা প্ৰশাসনৰ ব্যৱস্থা

যোৰহাট জিলা প্ৰশাসনৰ সহযোগত টীয়ক পৌৰসভাই নগৰখনৰ দৈনিক মাছ মাংসৰ তথা পাচলি বজাৰত ব্লিচিং পাউডাৰ চটিয়াই পৰিবেশ স্বচ্ছ কৰা পৰিলক্ষিত হৈছে।সমগ্ৰ বিশ্বতে ক’ৰণাই সন্ত্ৰাসৰ সৃষ্টি কৰা সময়তে বিশেষকৈ নগৰাঞ্চল চাফ চিকুণকৈ ৰখাত টীয়ক পৌৰসভাই বিশেষ সতৰ্কতা অৱলম্বন কৰি আহিছে।
 
উল্লেখযোগ্য যে যোৱা ১৯ মাৰ্চৰ পৰা জিলা প্ৰশাসনৰ নিৰ্দেশত মুকলিকৈ বহা এই বজাৰসমূহ পৌৰসভাই বন্ধ কৰি দিছিল আৰু আজিও ব্লিচিং চটিয়াই এই বজাৰাঞ্চল পৰিস্কাৰ কৰি পৰিবেশ সুস্থ কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
 
তদুপৰি পৰিবেশ স্বচ্ছতাৰ সমান্তৰালকৈ পৌৰপতি ৰফিক উজ জামান আৰু টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) জয় প্ৰকাশ মহন্তই টীয়কৰ কেইবাজনো সমাজ সচেতক যুৱকৰ সহযোগত যোৱা সময়ছোৱাত বৃহত্তৰ টীয়ক অঞ্চললৈ বহি: ৰাজ্যৰ পৰা অহা ব্যক্তিসকলক বিশেষ তৎপৰতাৰে চিকিৎসকৰ লগত যোগাযোগ কৰাই পৰামৰ্শ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই..

Comments (0)
Add Comment