ক’ৰণা ভাইৰাছৰ সজাগতাৰ সম্পৰ্কত স্বাস্থ্য মন্ত্ৰীয়ে কি ক’লে

ক’ৰণা ভাইৰাছৰ আতংকই সৰ্বত্ৰে গ্ৰাস কৰিছে ।ক’ৰণা ভাইৰাছৰ সজাগতাৰ সম্পৰ্কত আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এখন সংবাদ মেল আয়োজন কৰে।সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে অসমত বৰ্ত্তমানলৈকে ৪১ গৰাকী লোকক আছুতীয়াকৈ ৰখা হৈছে।অসমৰ ৪খন হস্পিতালত আই চি এম আৰৰ ব্যৱস্থা কৰা হৈছে ।লগতে ৰাজ্যবাসীক সৰ্তকতা অৱলম্বন কৰিবলৈ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।অসমৰ ৫৭ গৰাকী ব্যক্তিক ক’ৰণাৰ সন্দেহত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে।ৰাজ্যখনত ক’ৰণা ভাইৰাছৰ সজাগতামূলক অভিযান অব্যাহত আছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

Comments (0)
Add Comment