কৰ্মশালা অনুষ্ঠিত

মহানগৰীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যামিতা বিকাশ কোষ চমুকৈ ই ডি চি ৰ উদ্যোগত মহাবিদ্যালয় চৌহদত ২৭ ফেব্ৰুৱাৰীত পৰ্যটন খণ্ডত উদ্যামিতা বিষয়ক এক কৰ্মশালা অনুষ্ঠিত হয়।
কৰ্মশালাত মুখ্য অতিথি ৰূপে অংশলৈ অসম পৰ্যটন নিগমৰ পৰিচালন সঞ্চালক ভাস্কৰ ফুকনে পৰিৱৰ্তিত পৰিস্থিতিত পৰ্যটন ক্ষেত্ৰখন উক উদ্যোগলৈ ৰূপান্তৰিত হোৱা আৰু সঠিক আঁচনি লৈ আগবাঢ়িলে পৰ্যটন ক্ষেত্ৰখনে জীৱিকাৰ পথ দেখাব বুলি মন্তব্য কৰে।
কৰ্মশালাত কয়েলি ট্যুৰ এণ্ড ট্ৰেভেলছৰ অৰিজিত পুৰকায়স্থ, ইষ্ট ইণ্ডিয়া ট্ৰেভেলছৰ সঞ্চালক সঞ্জয় ঠাকুৰকে ধৰি পৰ্যটন ক্ষেত্ৰ খনৰ লগত জৰিত কেবাগৰাকী উদ্যোগী, এ টি ডি চিৰ পৰ্যটন তথ্য বিষয়া হীৰেন শইকীয়া, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ মাষ্টাৰ অব ট্যুৰিজম মেনেজমেণ্ট বিভাগৰ অধ্যাপক ডঃ ফুলুমা ডেকা, নিতুশ্ৰী শৰ্মাই ভাষণ আগবঢ়ায়।
আনহাতে এ টি ডি চিৰ সহযোগত অনুষ্ঠিত কৰ্মশালা খনৰ আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনায় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক তথা ই ডি চিৰ সমন্বয়ক অতনু কুমাৰ চৌধুৰীয়ে।

Comments (0)
Add Comment