খানাপাৰাত পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত ৭৩তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বাধীনতা সংগ্ৰামত আত্ম বলিদান দিয়া শ্বহীদ সকলক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে।চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে ভাষণত উল্লেখ কৰে ।ইয়াৰ পিছতেই সামৰিক বাহিনীৰ কুচকাৱাজ অনুষ্ঠিত হয়।এই অনুষ্ঠানতেই অসম আৰক্ষীৰ বিভিন্ন বঁটাসমূহ প্ৰদান কৰে।অসমৰ বিভিন্ন জিলাৰ পৰা যোৱা সাংস্কৃতিক দল সমূহে বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে।

Comments (0)
Add Comment