গুৱাহাটীৰ তিনিটা ৱাৰ্ডক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা

গুৱাহাটীৰ তিনিটা ৱাৰ্ডক কণ্টেইনমেণ্ট ৱাৰ্ড হিচাপে ঘোষণা। ১৪ দিনৰ বাবে ৮,১৬ আৰু ২৮ নং ৱাৰ্ড তিনিটাক কণ্টেইনমেণ্ট ৱাৰ্ড ঘোষণা।
১৬ নম্বৰ ৱাৰ্ডৰ অৰ্ন্তগত কণ্টেইনমেণ্ট ঠাইসমূহ হ’ল ক্ৰমে বৰ্ষাপাৰা, ফটাশিল, ধীৰেনপাৰা।
২৮ নং ৱাৰ্ডৰ অৰ্ন্তগত কণ্টেইনমেণ্ট ঠাইসমূহ হ’ল ক্ৰমে বশিষ্ট, অজন্তা পথ, চন্দন নগৰ, হাতিগাওঁ ।
৮ নং ৱাৰ্ডৰ অৰ্ন্তগত কণ্টেইনমেণ্ট ঠাইসমূহ হ’ল ক্ৰমে ছাবিপুল, কেডাৰ ৰোড, ভূতনাথ, ভৰলু, ফটাশিল দলং, এটি ৰোড ।
এইপৰ্যন্ত তিনিটা ৱাৰ্ড কণ্টেইনমেণ্ট ৱাৰ্ড ঘোষণা কামৰূপ মহানগৰ উপায়ুক্তৰ।কণ্টেইনমেণ্ট ৱাৰ্ডত পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২ বজালৈহে গাখীৰ, পাচলি, ফল-মূল বিক্ৰী কৰিব পাৰিব। ইয়াৰ উপৰিও মোবাইল ভানেৰে মাছ, মাংস বিক্ৰী কৰিব পাৰিব।সকলোৱে মাস্ক পিন্ধিব লাগিব৷ পাঁচজনতকৈ অধিক লোক একেলগে থাকিব নোৱাৰিব।ফাৰ্মাচীৰ লগতে অত্যাৱশ্যকীয় সেৱা সমূহ খোলা থাকিব।

Comments (0)
Add Comment