গুৱাহাটীৰ নদী জলাশয়ৰ সুৰক্ষাৰ বাবে এক সংহত কাৰ্য পৰিকল্পনা কৰাৰ বাবে অনুষ্ঠিত হ’ব এখন কৰ্মশালা

ভাৰতৰ অন্যতম জৈৱ বৈচিত্ৰ সংৰক্ষণৰ ওপৰত কাম কৰা সংস্থা আৰণ্যকে গুৱাহাটী চহৰৰ নদী আৰু জলাশয় সজীৱতা তথা সংৰক্ষণ আৰু বহনক্ষম নগৰ নিয়ন্ত্ৰণৰ উদ্দেশ্যে অহা ৭ নৱেম্বৰ ২০২২ তাৰিখে ৰাতিপুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ গুৱাহাটীৰ দিশপুৰৰ জি এছ ৰোডত অৱস্থিত নেডফি হাউচত এক দিনজোৰা কৰ্মশালা অনুষ্ঠিত কৰিবলৈ ওলাইছে। ভাৰত চৰকাৰৰ এক্ট ইষ্ট পলিচি মতে অসমৰ ৰাজধানী চহৰ গুৱাহাটীয়ে কেৱল উত্তৰ পূৱ অঞ্চলৰেই নহয় দক্ষিণ পূৱ এছিয়ালৈও প্ৰৱেশ দ্বাৰ হিচাপে কাম কৰে।দেশৰ অন্যতম দ্ৰুত গতিত উন্নয়নৰ দিশে আগবঢ়া চহৰ খনৰ মুঠ মাটিকালি ৩২৮ বৰ্গ কিলোমিটাৰতকৈও অধিক আৰু জনসংখ্যা ১০ লাখতকৈও অধিক।যিহেতু এই চহৰ খন বিশ্বৰ অন্যতম বৃহৎ নদী ব্ৰক্ষ্মপুত্ৰৰ পাৰত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে পাহাৰ,উপত্যকা আৰু বিভিন্ন জলাশয় আদিৰে ভৰি থকা বাবে ই প্ৰাকৃতিক ভাৱে কিছু পৃথক স্থান দখল কৰি আছে।আৰণ্যকৰ পৰিৱেশ বিজ্ঞানী তথ্য পানী জলবায়ু আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মুৰব্বী ড° পাৰ্থজ্যোতি দাসে উদ্ধিতি দিয়া মতে ভঁৰলু মৰা ভঁৰলু,বশিষ্ঠ, বাহিনী,পামহি,খানাজান, কালমনি আদি বিশিষ্ট নদীয়ে চহৰ খনৰ পানী নিষ্কাষণৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে।দীপৰবিল, বৰশলা,সৰুশলা আৰু শিলসাঁকো আদি জলাশয় চহৰ খনৰ বৰষুণৰ পানী সংৰক্ষণ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰি আহিছে।মন কৰিবলগীয়া কথা যে ইয়াৰে কেইবাটাও জলপৃষ্ঠ এটা আনটোৰ লগত সংযুক্ত হৈ আছে কিন্তু বৰ্তমান সময়ত বিভিন্ন ক্ষেত্ৰত অপৰিকল্পিত নিৰ্মাণ আৰু ভূমি উন্নয়নৰ বাবে ইহঁতৰ আন্তঃসংযোগী পথবোৰ বন্ধ হৈ গৈছে।

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয় অসম চৰকাৰৰ বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা সংস্থা ৰ দ্বাৰা স্বীকৃত সংস্থা আৰণ্যক অসমৰ মৃত্যুমুখি নদী ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ কিছুমান নিৰ্বাচিত নদী আৰু নদীৰ পাৰৰ পৰিৱেশ তন্ত্ৰৰ অৱক্ষয়ৰ ওপৰত আৰু সেইবিলাকৰ সজীৱতাৰ বাবে এক অধ্যয়ন তথা সম্প্ৰদায় ভিত্তিক কাৰ্য্য পৰিকল্পনা প্ৰস্তুতৰ অধীনত দ্বিতীয় পৰ্যায়ৰ কাৰ্যকলাপৰ এটা প্ৰকল্প চলি আছে। ভাৰতৰ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ অসম চৰকাৰৰ সহযোগত আৰু অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সহযোগত চহৰখনৰ পানী প্ৰদূষণ, পৰিৱেশ অৱক্ষয় সম্পৰ্কে এক বিবৃতিত কৰ্মশালাখনৰ সমন্নয়ক ড° দাসে কয় যে যোৱা ৫০ বছৰত চহৰ খনৰ জনগাঁথনি ভূ-প্ৰকৃতি,প্ৰাকৃতিক সম্পদ আদি সলনি হৈ দ্ৰুত নগৰ বৃদ্ধি আৰু উন্নয়ন লগে লগে জনসংখ্যা যথেষ্ট বৃদ্ধি পাইছে।চহৰ খনৰ অপৰিকল্পিত বৃদ্ধিয়ে পাহাৰৰ ঢাল বেদখল ,সংৰক্ষিত অৰণ্য দখল আৰু জলভাগৰ ধ্বংস আদিয়ে আনুভূমিক আৰু উলম্ব দিশৰ পৰা ইয়াৰ প্ৰকৃতিৰ ওপৰত প্ৰচণ্ড চাপ পেলাইছে।ক্ৰমাৎ বৃদ্ধি পোৱা পৰিৱেশ অৱক্ষয় ফলত লাহে লাহে আৰু অবিৰত ভাৱে ইয়াৰ বহুতো নদী জলাশয় আৰু বৰষুণ পানী সংৰক্ষণ স্থল সমূহ অবিৰতভাৱে মৃত্যুমুখলৈ গৈছে।অসম চৰকাৰৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া,বিজ্ঞানী আৰু IIT গুৱাহাটী আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ কাৰিকৰী বিশেষজ্ঞই এই কৰ্মশালাত অংশগ্ৰহণ কৰিব।গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহাল, SITA ৰ উপাধ্যক্ষ ৰমেন ডেকা,ৰাজ্য চৰকাৰৰ শীৰ্ষ প্ৰতিনিধি সকলৰ ভিতৰত SITA ৰ সহ উপাধ্যক্ষ ধ্ৰুৱ প্ৰসাদ বৈশাও আছে।যিসকলে নিজৰ নিজৰ মতামত সমূহ কৰ্মশালা খনত দাঙি ধৰিব।

Comments (0)
Add Comment