গ্ৰাম্যাঞ্চলত ৫ বজাৰ পৰিৱৰ্তে ২ বজাৰ পৰা হ’ব সান্ধ্যআইন

ৰাজ্যত ৫ জুনলৈ বাহাল থাকিব সান্ধ্য আইন। গ্ৰামাঞ্চলত সালসলনি কৰা হৈছে সান্ধ্য আইনৰ সময়সীমা। এতিয়াৰে পৰা গ্ৰামাঞ্চলত ২ বজাৰ পৰা হ’ব সান্ধ্য‌ আইন। পূৰ্বে ৫ বজাৰ পৰা আছিল সান্ধ্য আইনৰ সময়সীমা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই গুৰুত্বপূৰ্ণ‌ মন্তব্য।‌ শ্ৰীৰামপুৰত আন্তঃৰাজ্যিক ক’ভিড পৰীক্ষা কেন্দ্ৰ‌ পৰ্য্যবেক্ষণ কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

Comments (0)
Add Comment