গ্ৰাম্য পৰ্যটন প্ৰসাৰ ঘটাব লাগিব – বালিপাৰা ফাউণ্ডেচন

বালিপাৰা Foundation ৰ উদ্যোগত ২ নৱেম্বৰৰ পৰা ৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব Eastern Himalayan Naturenomics Forum শীৰ্ষক এক অনুষ্ঠান। উল্লেখযোগ্য যে তাজ ভিভাণ্টাত অনুষ্ঠিত হ’ব লগীয়া এই অনুষ্ঠানটোত ১৪ দেশৰ বিভিন্ন বিদেশী প্ৰতিনিধিয়ে অংশ ল’ব। আজি তাজ ভিভাণ্টাত আয়োজন কৰা এক সংবাদ মেলত বালিপাৰা Foundation ৰ প্ৰতিষ্ঠাতা ৰঞ্জিত বৰঠাকুৰে মন্তব্য কৰে যে প্ৰকৃতি সংৰক্ষণৰ বাবে বালিপাৰা Foundation কাম কৰি আহিছে। বিশেষকৈ গ্ৰাম্য পৰ্যটনক কিদৰে আগুৱাই নিব পাৰি, প্ৰসাৰ ঘটাব পাৰি সেই সম্পৰ্কে বিভিন্ন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। গ্ৰাম্য পৰ্যটন সবল হ’লেহে অৰ্থনৈতিক উন্নয়ন সম্ভৱ! এই ক্ষেত্ৰত তেখেতে চুবুৰীয়া ৰাজ্য ভূটান আৰু চিকিমে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে দোহাৰে।

সংবাদমেলখনত জাপান, আমেৰিকা, ফ্ৰান্স, চীনৰ পৰা অহা বিভিন্ন বিশেষজ্ঞ সকলে উপস্থিত থাকি বক্তব্য আগবঢ়ায়। স্মৰ্তব্য যে Eastern Himalayan Naturenomics Forumৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই nefocus.com য়ে ডিজিটেল মেডিয়াৰ সহযোগিতা হিচাপে সহযোগিতা আগবঢ়াইছে। অনাগত দিনতো বালিপাৰা Foundation ৰ ইতিবাচক কাম কাজ প্ৰকাশ কৰি যাব।

জাপানীজ সুন্দৰীয়ে প্ৰচাৰ চলাব অসমৰ গ্ৰাম্য পৰ্যটনৰ সম্পৰ্কে। এই সম্পৰ্কে জাপানীজ সুন্দৰী প্ৰিয়ংকাই nefocus.com ৰ আগত মন্তব্য কৰে যে অসমখন খুবেই ধুনীয়া। বিশেষকৈ ইয়াৰ গাঁওবোৰ অতি মনোৰম। গ্ৰাম্য পৰ্যটন  সফল হ’লেহে অৰ্থনৈতিক ভাৱে এক বিপ্লৱৰ সূচনা হ’ব। যদিও মই জাপানৰ  টকীঅ’ৰ বাসিন্দা। মোৰ দেউতা  ভাৰতীয়। গতিকে মই দেউতাৰ জীয়ৰী হিচাপে যিমান পাৰে প্ৰসাৰ আৰু প্ৰচাৰ  চলাম।

Comments (0)
Add Comment