গ্ৰাহকৰ চাহিদাৰে ৰঙা জহা আৰু ইয়াৰ সম্ভাৱনীয়তা

হঠাতে মানুহৰ ভিৰ দেখি ভোগালী মেলালৈ সোমাই গ’লো।বিপনীৰ মাজত দেখা পালো এবিধ সুন্দৰ আকাৰৰ বিশেষ চাউল।তাৰ আধাৰত প্ৰস্তুত কৰা হ’ল আজিৰ প্ৰতিবেদন ।আহকচোন কি আছে জানো! বাচমতি চাউলৰ দৰে অসমৰ ৰঙা জহা চাউলে দখল কৰিব পাৰে আন্তৰাষ্ট্ৰীয় বজাৰ।গুণাগুণ আৰু সুগন্ধৰ ফালৰ পৰাও ৰঙা জহাৰ বিশেষ বিশেষত্ব আছে ।এই মন্তব্য আঞ্চলিক কৃষি গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী ডক্টৰ কিশোৰ কুমাৰ শৰ্মাৰ।উৎসৰ পম খেদি তেখেতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত বিজ্ঞানী গৰাকীয়ে কয় যে ৰঙা জহাত আইৰণৰ পৰিমাণ বেছি থাকে ।এণ্টি অক্সিজেন থাকে।বিশেষকৈ গৰ্ভৱতী মহিলা, বাঢ়ি অহা ল’ৰা ছোৱালীৰ বাবে এই জহা খুব উপকাৰী ।অসমত প্ৰায় ৪৩বিধমান জহা চাউল পোৱা যায় ।তাৰ ভিতৰত ক’লা জহা, ৰামফল জহা, কেতেকী জহা, কুনকুনী জহা, তুলসী জহা অন্যতম ।সাধাৰণতে জহা চাউলে পায়স, পোলাও প্ৰস্তুত কৰে।সুগন্ধময় হোৱাৰ বাবে প্ৰায় মানুহ জহা চাউলৰ প্ৰতি আকৰ্ষিত হয়।ৰঙা জহা অসমৰ সকলো ঠাইতে পোৱা নাযায় ।নামনি অসমৰ সৰভোগ, নলবাৰীত ৰঙা জহাৰ খেতি হয়।অৱশ্যে ক’লা জহা চাউলে ইতিমধ্যে চুইজাৰলেণ্ড, বিট্ৰেইনৰ বজাৰলৈ ৰপ্তানি হৈছে।ব্যৱসায়িকভাৱে যদি অসমৰ উদ্যমীয়ে ৰঙা জহাৰ খেতি কৰে, নিশ্চয়কে এদিন ৰঙা জহাই বাচমতি চাউলৰ দৰে বজাৰ দখল কৰিবলৈ সক্ষম হ’ব।

Comments (0)
Add Comment