হঠাতে মানুহৰ ভিৰ দেখি ভোগালী মেলালৈ সোমাই গ’লো।বিপনীৰ মাজত দেখা পালো এবিধ সুন্দৰ আকাৰৰ বিশেষ চাউল।তাৰ আধাৰত প্ৰস্তুত কৰা হ’ল আজিৰ প্ৰতিবেদন ।আহকচোন কি আছে জানো! বাচমতি চাউলৰ দৰে অসমৰ ৰঙা জহা চাউলে দখল কৰিব পাৰে আন্তৰাষ্ট্ৰীয় বজাৰ।গুণাগুণ আৰু সুগন্ধৰ ফালৰ পৰাও ৰঙা জহাৰ বিশেষ বিশেষত্ব আছে ।এই মন্তব্য আঞ্চলিক কৃষি গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী ডক্টৰ কিশোৰ কুমাৰ শৰ্মাৰ।উৎসৰ পম খেদি তেখেতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত বিজ্ঞানী গৰাকীয়ে কয় যে ৰঙা জহাত আইৰণৰ পৰিমাণ বেছি থাকে ।এণ্টি অক্সিজেন থাকে।বিশেষকৈ গৰ্ভৱতী মহিলা, বাঢ়ি অহা ল’ৰা ছোৱালীৰ বাবে এই জহা খুব উপকাৰী ।অসমত প্ৰায় ৪৩বিধমান জহা চাউল পোৱা যায় ।তাৰ ভিতৰত ক’লা জহা, ৰামফল জহা, কেতেকী জহা, কুনকুনী জহা, তুলসী জহা অন্যতম ।সাধাৰণতে জহা চাউলে পায়স, পোলাও প্ৰস্তুত কৰে।সুগন্ধময় হোৱাৰ বাবে প্ৰায় মানুহ জহা চাউলৰ প্ৰতি আকৰ্ষিত হয়।ৰঙা জহা অসমৰ সকলো ঠাইতে পোৱা নাযায় ।নামনি অসমৰ সৰভোগ, নলবাৰীত ৰঙা জহাৰ খেতি হয়।অৱশ্যে ক’লা জহা চাউলে ইতিমধ্যে চুইজাৰলেণ্ড, বিট্ৰেইনৰ বজাৰলৈ ৰপ্তানি হৈছে।ব্যৱসায়িকভাৱে যদি অসমৰ উদ্যমীয়ে ৰঙা জহাৰ খেতি কৰে, নিশ্চয়কে এদিন ৰঙা জহাই বাচমতি চাউলৰ দৰে বজাৰ দখল কৰিবলৈ সক্ষম হ’ব।
Trending
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান
- টিকটবিহীন যাত্ৰীৰ পৰা ৯ মাহত ৪৮.১১ কোটিতকৈ অধিক টকাৰ জৰিমণা সংগ্ৰহ উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ
- বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সপ্তাহযোৰা বিদেশ ভ্ৰমণ
- Road Show of Industry Minister Bimal Borah for Advantage Assam2. 0 in Dubai