গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্র কামৰূপ চৌহদত ২০ জুলাইৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত নাৰ্চাৰীৰ বৃত্তিমূলক প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে । কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ সোণমইনা ভূঞাৰ নেতৃত্বত আৰু উদ্যানশস্যৰ বিশেষজ্ঞা ডঃ দৰদী প্ৰিয়ম দুৱৰাৰ তত্বাবধানত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচিত ২০ জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্রহণ কৰে। কাৰ্যসূচীত কৃষি বিজ্ঞান কেন্দ্রৰ বিশেষজ্ঞা,উদ্যানশস্যৰ গৱেষণা কেন্দ্রৰ বিজ্ঞানী, ইফফো আদি প্ৰতিষ্ঠানৰ কৰ্মকৰ্তাৰ লগতে বিভিন্ন অনুষ্ঠানৰ লোক সমল ব্যক্তি হিচাপে উপস্থিত থাকে । ইয়াৰ উপৰিও প্ৰশিক্ষাৰ্থীসকলক উদ্যান শস্যৰ গৱেষণা কেন্দ্ৰ , কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয়লৈ শিক্ষামূলক ভ্ৰমণত ক্ষেত্ৰ অধ্যয়নৰ বাবে লৈ যোৱা হয় । প্ৰশিক্ষাৰ্থীসকলক পুলি উৎপাদনৰ বিভিন্ন পদ্ধতি,কলম দিয়া পদ্ধতি আদি হাতে কামে দেখুৱা হয়। অনুষ্ঠানত শেষত কামৰূপ জিলাৰ কৃষি বিভাগৰ মহকুমা কৃষি বিষয়া গিৰীন্দ্ৰ নাথ শৰ্মাই নাচাৰ্ৰীৰ আচঁনি সম্পৰ্কে অৱগত কৰে। আনহাতে আজি বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী ডঃ সোণমইনা ভূঞাই প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ বিতৰণ কৰাৰ লগতে নাচাৰ্ৰী বৃত্তিৰ পথেৰে আগবাঢ়িবলৈ তেওঁলোকক আহ্বান জনায়।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য