গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্র কামৰূপ চৌহদত ২০ জুলাইৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত নাৰ্চাৰীৰ বৃত্তিমূলক প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে । কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ সোণমইনা ভূঞাৰ নেতৃত্বত আৰু উদ্যানশস্যৰ বিশেষজ্ঞা ডঃ দৰদী প্ৰিয়ম দুৱৰাৰ তত্বাবধানত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচিত ২০ জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্রহণ কৰে। কাৰ্যসূচীত কৃষি বিজ্ঞান কেন্দ্রৰ বিশেষজ্ঞা,উদ্যানশস্যৰ গৱেষণা কেন্দ্রৰ বিজ্ঞানী, ইফফো আদি প্ৰতিষ্ঠানৰ কৰ্মকৰ্তাৰ লগতে বিভিন্ন অনুষ্ঠানৰ লোক সমল ব্যক্তি হিচাপে উপস্থিত থাকে । ইয়াৰ উপৰিও প্ৰশিক্ষাৰ্থীসকলক উদ্যান শস্যৰ গৱেষণা কেন্দ্ৰ , কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয়লৈ শিক্ষামূলক ভ্ৰমণত ক্ষেত্ৰ অধ্যয়নৰ বাবে লৈ যোৱা হয় । প্ৰশিক্ষাৰ্থীসকলক পুলি উৎপাদনৰ বিভিন্ন পদ্ধতি,কলম দিয়া পদ্ধতি আদি হাতে কামে দেখুৱা হয়। অনুষ্ঠানত শেষত কামৰূপ জিলাৰ কৃষি বিভাগৰ মহকুমা কৃষি বিষয়া গিৰীন্দ্ৰ নাথ শৰ্মাই নাচাৰ্ৰীৰ আচঁনি সম্পৰ্কে অৱগত কৰে। আনহাতে আজি বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী ডঃ সোণমইনা ভূঞাই প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ বিতৰণ কৰাৰ লগতে নাচাৰ্ৰী বৃত্তিৰ পথেৰে আগবাঢ়িবলৈ তেওঁলোকক আহ্বান জনায়।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram