অসমৰ উদ্যোগ খণ্ডত আত্মনিৰ্ভৰশীলতা, দক্ষতা বিকাশ, গৱেষণা, প্রশিক্ষণ, উদ্ভাৱনক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসমৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ প্রতিষ্ঠানৰ অধীনস্থ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্রশাসন বিভাগৰ মাজত ২৩ জুলাইত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। উল্লেখযোগ্য যে উক্ত চুক্তিৰ অধীনত উদ্যোগ স্থাপনৰ বাবে প্রয়োজনীয় জ্ঞান আৰু দক্ষতা প্রদান, প্রশিক্ষণ, মেণ্টৰশ্বিপ, গৱেষণা, পৰামৰ্শমূলক কাৰ্যসূচী, কর্মশালা, আলোচনাচক্র আৰু অন্যান্য সহযোগিতামূলক কার্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত ‘বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ’ব। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শর্মা, ব্যৱসায় প্রশাসন বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মনশ্ৰী মহন্ত, অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ যুটীয়া সঞ্চালক শান্তনু দেউৰী, উপাচাৰ্যৰ সচিব তথা জনসম্পৰ্কৰক্ষী বিষয়া ডঃ মৃণালজ্যোতি ডেকা, ডঃ সমীৰ সৰকাৰ, আইন বিষয়া দীপক তালুকদাৰ , কোষাধ্যক্ষকে ধৰি কেবাজনো বিষয়া উপস্থিত আছিল ।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য