গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত তথা শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলত বিগত দিনকেইটাত মাজে সময়ে হৈ থকা বৰষুণৰ বাবে খেতিপথাৰ সমুহ পানীৰে উপচি পৰিছে। আনকি স্বাভাৱিকতকৈ অধিক পৰিমাণৰ বৰষুণ হোৱা বাবে কাষৰীয়া মেঘালয়ৰ পাহাৰ সমুহৰ পৰা নামি অহা পানীৰ ধলে কৃষি কাৰ্যত ঠাইবিশেষে কিছু বাধাৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে যোৱা দুদিন – তিনিদিন ধৰি বতৰ কিছু ফৰকাল হোৱাত তাৰ সুযোগ লৈ কৃষকসকল শালিধানৰ খেতি কৰাৰ বাবে পথাৰত নামি পৰা পৰিলক্ষিত হৈছে । অৱশ্যে তুলনামূলক ভাৱে বাম বা কিছু ওখ ঠাই সমূহত আহাৰ মাহৰ শেষৰ পৰা বা শাওন মাহৰ প্ৰথম দিনটোৰ পৰাই কৃষকসকল হালৰ গৰু, পাৱাৰ টিলাৰ, টেক্টৰ লৈ নামি পৰা পৰিলক্ষিত হৈছে।নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ৰাণীকে ধৰি পশ্চিম গুৱাহাটীৰ খেতিপথাৰ সমূহ ৰোৱনী-দাৱনীৰে ভৰি পৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ কৃষি কৰ্মৰ লগত জড়িত উদ্যমী ব্যক্তি দেউছতালৰ বলেশ্বৰ ৰংপীকে ধৰি কৃষিকৰ্মত ব্যস্ত একাংশ কৃষকে জানিবলৈ দিয়া মতে পূৰ্বৰ গৰুৰ সলনি বেছিভাগতে পাৱাৰ টিলাৰ, ট্ৰেক্টৰকে ধৰি কৃষি ক্ষেত্ৰত যান্ত্ৰিক পদ্ধতিৰ বহুল ব্যৱহাৰৰ বাবে উঠি অহা নতুন প্ৰজন্মৰ বহু শিক্ষিত যুৱক কৃষি খণ্ডত নামি পৰিছে। অৱশ্যে ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে ৰাণী অঞ্চলটো বহু কৃষক – গো পালকৰ গোহালিৰ পৰা চোৰে হালোৱা গৰু চুৰি কৰি নিয়া কেবাটাও ঘটনা সংঘটিত হোৱাৰ পাছত স্বাভাবিকতে বেছিভাগ কৃষকে চুৰি হোৱাৰ ভয়ত গৰু পুহিবলৈ বাদ দিয়াৰ দৰে হৈছে। তাৰ মাজতো কৃষকসকলে প্ৰত্যাহ্বান নেওচিও চলিত শাওন মাহৰ ভিতৰত শালিধানৰ খেতিৰ কামখিনি বা কঠীয়া তথা ভুই ৰোৱাৰ কামখিনী শেষ কৰিব পাৰিলেহে কৃষকৰ বাবে সোণোৱালী মাহ হিচাপে পৰিগণিত হৈ অহা আঘোণ মাহত পথাৰৰ পৰা লখিমীক ঘৰলৈ নিব পাৰিব। আনহাতে আঘোণ মাহৰ আঠোটা দিন পাৰ হোৱাৰ পাছত অলপ পলমকৈ হলেও ৰাণীৰ কাষৰীয়া আন্ধেৰীজুলিৰ খেতি পথাৰত বলেশ্বৰ ৰংপীৰ উদ্যোগত ভূঁই ৰোৱা উৎসৱ পালন কৰা হয়। প্ৰথমতে লক্ষ্মী দেৱীক আৰাধনা কৰি এগছি ভূঁই ৰুই কেবাজনী ৰোৱনীৰ সৈতে খেতি পথাৰত ভূঁই ৰোৱা উৎসৱৰ শুভাৰম্ভ কৰা হয় । ভূঁই ৰোৱাৰ পূৰ্বে পথাৰত পাৱাৰ টিলাৰ চলাই সকলোকে আপ্লুত কৰে উদীয়মান কৃষক বলেশ্বৰ ৰংপীয়ে। ইফালে কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত আৰু শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলত এতিয়া পুৱাৰে পৰা সন্ধিয়ালৈ কৃষক ৰাইজৰ সীমাহীন ব্যস্ততা পৰিলক্ষিত হৈছে। সকলোৰে লক্ষ্য এটাই চলিত শাওন মাহ শেষ হোৱাৰ পূৰ্বে পথাৰত ভূঁই ৰোৱা কামখিনী শেষ কৰা। যাৰ বাবে প্ৰখৰ ৰদক নেওচিও ৰোৱনী – দাৱনীসকলে পথাৰত ভূঁই ৰোৱা কামত ব্যস্ত হৈ আছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram