অসমবাসীয়ে লাভলীনাৰ কাৰণে যাতে প্ৰাৰ্থনা কৰে তাৰ বাবে আজি এটা পৰিৱেশ সৃষ্টি কৰা হ’ল। অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে আমি কেইবাটাও ব্যৱস্থা হাতত লৈছো। অনাগত দিনত আমাৰ ৰাজ্যৰ পৰা শিৱ থাপা,হিমা,লাভলীনা জন্ম হ’ব। এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। আজি অনুষ্ঠিত হোৱা গ` ফৰ গ্ল’ৰী লাভলীনা শীৰ্ষক চাইকেল সমদলটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এনেদৰে কয়। উল্লেখযোগ্য যে টকিঅ’ অলিম্পিকত যোগ্যতা অর্জন কৰিবলৈ সক্ষম হোৱা লাভলীনা বৰগোহাঁইক উৎসাহিত কৰা লক্ষ্যৰে আজি লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ এক চাইকেল সমদল অনুষ্ঠিত কৰে।এই অনুষ্ঠানতে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইক সম্বৰ্ধনা জনায়। এই সমদলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,বিধায়ক বিশ্বজিৎ ফুকন লগতে বহুকেইজন মন্ত্ৰী, বিধায়কে অংশগ্ৰহণ কৰে।
গ’ ফৰ গ্ল’ৰী লাভলীনা চাইকেল সমদলে মুখৰিত মহানগৰীৰ ৰাজপথ
