অসমবাসীয়ে লাভলীনাৰ কাৰণে যাতে প্ৰাৰ্থনা কৰে তাৰ বাবে আজি এটা পৰিৱেশ সৃষ্টি কৰা হ’ল। অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে আমি কেইবাটাও ব্যৱস্থা হাতত লৈছো। অনাগত দিনত আমাৰ ৰাজ্যৰ পৰা শিৱ থাপা,হিমা,লাভলীনা জন্ম হ’ব। এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। আজি অনুষ্ঠিত হোৱা গ` ফৰ গ্ল’ৰী লাভলীনা শীৰ্ষক চাইকেল সমদলটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এনেদৰে কয়। উল্লেখযোগ্য যে টকিঅ’ অলিম্পিকত যোগ্যতা অর্জন কৰিবলৈ সক্ষম হোৱা লাভলীনা বৰগোহাঁইক উৎসাহিত কৰা লক্ষ্যৰে আজি লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ এক চাইকেল সমদল অনুষ্ঠিত কৰে।এই অনুষ্ঠানতে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইক সম্বৰ্ধনা জনায়। এই সমদলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,বিধায়ক বিশ্বজিৎ ফুকন লগতে বহুকেইজন মন্ত্ৰী, বিধায়কে অংশগ্ৰহণ কৰে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন