পৰিৱেশ অনুকূল আৰু এক প্ৰদূষণমুক্ত বাতাবৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ত পহিলা ছেপ্টেম্বৰত চাৰিখন চাৰিচকীয়া ইলেকট্ৰিক বাহন মুকলি কৰা হয়। এই উপলক্ষে কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত পতাকা জোকাৰি বাহন চাৰিখন মুকলি কৰে ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে। অনুষ্ঠানত চমু ভাষণত মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে কয় যে ডিজেল আৰু পেট্ৰলচালিত বাহনে বায়ু আৰু শব্দ প্ৰদূষণৰ সৃষ্টি কৰি আহিছে। ইয়াৰ ফলত মানুহ বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হবলগীয়া হৈছে। গতিকে শব্দ আৰু বায়ু প্ৰদূষণৰ পৰা হাত সাৰিবলৈ হলে পৰিবৰ্তিত পৰিস্থিতিত ইলেকট্ৰিক বাহনৰ কোনো বিকল্প নাই। এয়া সময়ৰ আহ্বান আৰু আমি ডিজেল আৰু পেট্ৰলৰ বিপৰীতে ইলেকট্ৰিক বাহনৰ ব্যৱহাৰত অধিক গুৰুত্ব দিব লাগিব। অনুষ্ঠানত প্ৰাধিকৰণৰ বিভিন্ন বিভাগৰ কেবাজনো মহা প্ৰবন্ধককে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে। উল্লেখ্য যে প্ৰাধিকৰণে আগন্তুক দিনত তেওঁলোকে পৰ্যায়ক্ৰমে ইলেকট্ৰিক বাহন ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিব।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan