বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ

0 49

প্ৰাণৰ শিল্পী, ঈশ্বৰপুত্ৰ’ জুবিন গাৰ্গৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে গুৱাহাটীৰ ৰাজগড়ত সাংবাদিক হেমন্ত শৰ্মাৰ নিজা প্ৰচেষ্টাৰে নিৰ্মাণ কৰা জুবিন ক্ষেত্ৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। জুবিন ক্ষেত্ৰখন মুকলি কৰে জুবিন গাৰ্গৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গে। জাতি, বৰ্ণ, ভাষা আৰু ধৰ্মৰ ঊৰ্ধ্বত সকলোৰে বাবে মুকলি কৰা ‘জুবিন ক্ষেত্ৰ’ৰ মুকলি অনুষ্ঠানত বিভিন্ন ধৰ্মৰ ধৰ্মগুৰু আৰু ধৰ্মীয় ব্যক্তিসকল উপস্থিত থাকে। তেওঁলোকে নিজ নিজ ধৰ্মীয় ৰীতি-নীতি অনুসৰি প্ৰাৰ্থনা, মন্ত্ৰোচ্চাৰণ আৰু আশীৰ্বাদ প্ৰদান কৰি ক্ষেত্ৰখনৰ মংগল কামনা কৰে। বিভিন্ন ধৰ্মীয় বিশ্বাসৰ প্ৰতিনিধিসকলে একেটা স্থানত নিজ নিজ ধৰ্মীয় আচাৰ-অনুষ্ঠান সম্পন্ন কৰা দৃশ্যই অনুষ্ঠানটোক বিশেষ তাৎপৰ্য প্ৰদান কৰে। জুবিন ক্ষেত্ৰ মুকলি কৰি গৰিমা শইকীয়া গাৰ্গে কয় যে বিগত প্ৰায় পোন্ধৰ বছৰ ৰাজগড়তে জুবিন গাৰ্গে কটাইছিল আৰু এই ঠাইডোখৰৰ সৈতে বহু স্মৃতি জড়িত হৈ আছে। জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নথকাৰ পাছতো তেওঁৰ সুৰ, সৃষ্টি, চিন্তা আৰু মানৱীয় দৰ্শনক জনমানসত জীয়াই ৰখাৰ উদ্দেশ্যে সাংবাদিক হেমন্ত শৰ্মাই ‘জুবিন ক্ষেত্ৰ’ নিৰ্মাণ কৰি উলিওৱা কাৰ্যক তেওঁ প্ৰশংসা কৰে। শুভ কাম এটা আৰম্ভ কৰাৰ সময়ত জুবিন গাৰ্গক প্ৰথমে সেৱা কৰিব বিচৰা বুলি উল্লেখ কৰি গৰিমা শইকীয়া গাৰ্গে কয় যে সকলোৰে বাবে এই স্থানখন মুকলি থাকিব। বিভিন্ন ধৰ্মৰ লোকসকলে আহি নিজ নিজ ধৰ্মীয় ৰীতিৰে ঠাইডোখৰ পৱিত্ৰ কৰি তোলাটো সঁচাকৈয়ে অতুলনীয় বুলিও তেওঁ মন্তব্য কৰে। ৰাজগড়ৰ ২ নং বাইলেনৰ উপ-পথৰ বিপৰীতে, পুৰণি অভিনয়াৰ তলত নিৰ্মাণ কৰা এই ‘জুবিন ক্ষেত্ৰ’ৰ ধাৰণাৰ সৈতে জড়িত হৈ আছে জুবিন গাৰ্গৰ অসাম্প্ৰদায়িক আৰু মানৱীয় দৰ্শন। কোনো এটা ধৰ্মীয় পৰিচয়ৰ মাজত সীমাবদ্ধ নথকা জুবিন গাৰ্গৰ স্মৃতিক সন্মান জনাই সকলো ধৰ্মৰ লোকৰ বাবে স্থানখন মুকলি কৰি ৰখা হৈছে। আনহাতে, ‘জুবিন ক্ষেত্ৰ’ৰ প্ৰতিষ্ঠাপক হেমন্ত শৰ্মাই কয় যে জুবিন গাৰ্গৰ স্মৃতি কোনো এটা স্থানত সীমাবদ্ধ হৈ নাথাকক। জুবিন গাৰ্গৰ সুৰ আৰু সৃষ্টিয়ে যেনেদৰে জাতি-বৰ্ণ-ভাষা-ধৰ্মৰ সীমা অতিক্ৰম কৰি মানুহক একত্ৰ কৰিছিল, তেওঁৰ স্মৃতিও তেনেদৰেই সকলোৰে মাজত জীয়াই থাকক— এইটোৱেই ‘জুবিন ক্ষেত্ৰ’ নিৰ্মাণৰ মূল উদ্দেশ্য। প্ৰতিজন মানুহৰ ঘৰ, গাঁও আৰু অঞ্চলত সৰুকৈ হ’লেও ‘জুবিন ক্ষেত্ৰ’ নিৰ্মাণ হোৱাৰ পোষকতা কৰি শৰ্মাই কয় যে সাম্প্ৰতিক সময়ত সমাজত ‘জুবিন দৰ্শন’ প্ৰতিষ্ঠা হোৱাটো অতি জৰুৰী। বহুতে এতিয়াও এই কথাটো চিন্তা কৰা নাই যদিও বহুতে জুবিন দৰ্শনৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে। মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰৰ দৰে জুবিন গাৰ্গৰ স্মৃতি আৰু দৰ্শনৰ বাবেও জুবিন ক্ষেত্ৰ গঢ়ি উঠিব লাগে বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে জুবিন গাৰ্গৰ স্মৃতিৰ বাবে এডোখৰ সৰু ঠাই সৃষ্টি কৰাটোৱেই তেওঁৰ উদ্দেশ্য। সোণাপুৰত জুবিন গাৰ্গৰ সমাধিস্থলৰ নাম জুবিন ক্ষেত্ৰ থকাৰ প্ৰতি পূৰ্ণ সন্মান জনাইও ৰাজগড়ত নিৰ্মাণ কৰা এই স্থানক কোনো প্ৰতিদ্বন্দ্বী স্মৃতিস্থল হিচাপে নহয়, বৰং জুবিন গাৰ্গৰ প্ৰতি ব্যক্তিগত শ্ৰদ্ধাঞ্জলি হিচাপেহে চাব লাগে বুলি তেওঁ মত প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.