মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত গুৱাহাটী এতিয়া বিশ্ব ক্ৰীড়াৰ মানচিত্ৰত নতুন অধ্যায় সংযোজনৰ বাবে সাজু হৈছে। আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথনৰ প্ৰথমটো সংস্কৰণ। এই বৃহৎ ক্ৰীড়া আয়োজনৰ জৰিয়তে অসমৰ ক্ৰীড়া যাত্ৰাত সংযোজিত হ’ব এক নতুন অধ্যায়। গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন দৌৰে দেশ-বিদেশৰ বহু খেলুৱৈ, পেছাদাৰী মাৰাথন দৌৰবিদ, শৰীৰ চৰ্চাৰ প্ৰতি আগ্ৰহী আৰু সাধাৰণ নাগৰিকক একেখন মঞ্চত সংযোজিত কৰিব। এই প্ৰতিযোগিতাৰ অন্যতম লক্ষ্য হৈছে গুৱাহাটী আৰু অসমক আন্ত:ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠানৰ এক উদীয়মান কেন্দ্ৰ তথা গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰা।
পি এম জি স্পৰ্টছ এল এল পি-এ প্ৰচাৰ কৰা গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথনৰ আনুষ্ঠানিক ঘোষণা আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি ৭ ফেব্ৰুৱাৰী ২০২৭-ৰ দিনটো ধাৰ্য কৰে। অনুষ্ঠানত ভাৰতীয় ক্ৰিকেটৰ প্ৰখ্যাত তাৰকা তথা বিশ্বজুৰি পৰিচিত ক্ৰিকেটাৰ সুনীল মনোহৰ গাভাস্কাৰো উপস্থিত থাকে। সৰ্বস্তৰৰ ৰাইজে অংশ ল’বলগীয়া অঞ্চলটোৰ অন্যতম বৃহৎ ক্ৰীড়া অনুষ্ঠানৰ বাবে মঞ্চ প্ৰস্তুত কৰা হৈছে। মাৰাথনৰ বিভিন্ন শাখাত ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও প্ৰায় ১২,০০০ অংশগ্ৰহণকাৰীয়ে বিভিন্ন শাখাত অংশগ্ৰহণ কৰাৰ আশা কৰা হৈছে। আজি এই ঘোষণাৰ জৰিয়তে উক্ত ক্ৰীড়া অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।
অসম পৰ্যটন উন্নয়ন নিগমে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথনৰ সৈতে ৰাজ্যিক পৃষ্ঠপোষক হিচাপে সহযোগিতা আগবঢ়াব। ইয়াৰ ফলত এই অনুষ্ঠানটোৱে অসমৰ ক্ৰীড়া পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে। আনহাতে মেঘালয় চিমেণ্টছ লিমিটেডৰ মালিকানাধীন টপচেম চিমেণ্টে মাৰাথন দৌৰত সহযোগী পৃষ্ঠপোষক হিচাপে সহযোগিতা আগবঢ়াইছে। এই অংশীদাৰিত্বই ক্ৰীড়া, উদ্যোগ আৰু সমাজক একত্ৰিত কৰি সুস্থ জীৱনশৈলী আৰু অঞ্চলটোত এক শক্তিশালী ক্ৰীড়া সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্যক অধিক শক্তিশালী কৰিব।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথনৰ প্ৰথমটো সংস্কৰণ আয়োজনৰ লগতে সহযোগিতা কৰিবলৈ পাই অসম আজি অত্যন্ত গৌৰৱান্বিত। এয়া কেৱল এখন ক্ৰীড়া প্ৰতিযোগিতা নহয়; এয়া হৈছে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত অসমৰ ক্ৰমবৰ্ধমান সম্ভাৱনাৰ এক শক্তিশালী প্ৰতিফলন। এই মাৰাথন এখন সাধাৰণ দৌৰ প্ৰতিযোগিতাতকৈ বহু অধিক সম্ভাৱনাৰে পৰিপূৰ্ণ। ক্ৰীড়া পৰ্যটনৰ এক অগ্ৰণী গন্তব্যস্থান হিচাপে গুৱাহাটীয়ে আত্মপ্ৰকাশ কৰিবলৈ সাজু হোৱাৰ এয়া এক শক্তিশালী প্ৰকাশ। এই অনুষ্ঠানে ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৌৰবিদ আৰু বিভিন্ন শ্ৰেণীৰ লোকক একত্ৰিত কৰাৰ লগতে অসমৰ সমৃদ্ধ সংস্কৃতি, অনন্য প্ৰাকৃতিক সৌন্দৰ্য আৰু আতিথ্যক বিশ্বৰ সন্মুখত তুলি ধৰিব। আমি এই অনুষ্ঠানক অসমৰ এক দীৰ্ঘস্থায়ী ক্ৰীড়া ঐতিহ্যৰ আৰম্ভণি হিচাপে দেখিছোঁ। ভৱিষ্যতে ই এক বাৰ্ষিক অনুষ্ঠান হিচাপে মানুহক সুস্থ জীৱনশৈলীৰ প্ৰতি আকৰ্ষিত কৰিব, ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰিব আৰু ৰাজ্যখনত নতুন সম্ভাৱনা তথা সুযোগৰ দুৱাৰ মুকলি কৰিব। এই মহৎ পদক্ষেপৰ সফলতাৰ বাবে আয়োজকসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।”
এই ঘোষণাৰ মাজতে সংযোজিত হয় এটি অনুপ্ৰেৰণাদায়ক মুহূৰ্ত। ক্ৰিকেট খেলুৱৈ সুনীল গাভাস্কাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক Bib #1 প্ৰদান কৰে। এই বিশেষ মুহূৰ্তই অনুষ্ঠানটোৰ প্ৰতি মুখ্যমন্ত্ৰীৰ সমৰ্থন প্ৰতিফলিত কৰিছে আৰু দৌৰক বয়স, সমাজ আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ লোকক একত্ৰিত কৰা এক গণআন্দোলনলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য হিচাপে প্ৰদৰ্শন কৰা হৈছে।
অনুষ্ঠানটোৰ প্ৰতি সমৰ্থন আগবঢ়াই সুনীল গাভাস্কাৰে কয়, “দৌৰৰ এক অনন্য শক্তি আছে। দৌৰে সমাজ, সংস্কৃতি আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ মানুহক একত্ৰিত কৰিব পাৰে। ক্ৰিকেটৰ বাবে বছৰ বছৰ ধৰি অসমলৈ অহাৰ সুযোগ পাইছোঁ আৰু এই সময়ছোৱাত অসমৰ অপূৰ্ব সৌন্দৰ্যৰ সৈতে পৰিচিত হোৱাৰ লগতে অসমক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী প্ৰচেষ্টাৰো সাক্ষী হৈছোঁ। মই বিশ্বাস কৰোঁ যে গুৱাহাটীয়ে এতিয়া বিশ্বৰ আগশাৰীৰ মাৰাথন দৌৰৰ চহৰসমূহৰ মাজত নিজৰ স্থান লাভ কৰাৰ এয়া উপযুক্ত সময়। আমাৰ লক্ষ্য হৈছে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন দৌৰক বিশ্বৰ এক পৰিচিত আৰু প্ৰতিষ্ঠিত ক্ৰীড়া অনুষ্ঠান হিচাপে গঢ়ি তোলা, যাৰ জৰিয়তে বিশ্বৰ শীৰ্ষ দৌৰবিদসকলক আকৰ্ষণ কৰাৰ এটি সুযোগ সৃষ্টি হ’ব। এই দূৰদৰ্শী পদক্ষেপ আৰু সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰীলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”
গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথনত থাকিব মুঠ ১.২৫ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ আৰু ইয়াৰ ফলত ই হৈ পৰিব দেশৰ অন্যতম উল্লেখযোগ্য দৌৰ প্ৰতিযোগিতা। দেশ-বিদেশৰ বিভিন্ন খেলুৱৈ, পেছাদাৰী দৌৰবিদ, ৰাণিং ক্লাব, সুস্থ জীৱনশৈলীৰ প্ৰতি আগ্ৰহী লোক আৰু অন্যান্য অংশগ্ৰহণকাৰীৰ মাজত এই অনুষ্ঠানে ব্যাপক আগ্ৰহ সৃষ্টি কৰাৰ আশা কৰা হৈছে।
গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথনৰ প্ৰথম সংস্কৰণে আগশাৰীৰ ক্ৰীড়া প্ৰতিযোগিতাৰ সৈতে সৰ্বস্তৰৰ লোকৰ অংশগ্ৰহণক একত্ৰিত কৰি এক প্ৰতিযোগিতামূলক আৰু সকলোৰে বাবে মুকলি ক্ৰীড়া অভিজ্ঞতা সৃষ্টি কৰিব। প্ৰথমখন মাৰাথনত থাকিব বিভিন্ন শাখাৰ দৌৰ প্ৰতিযোগিতা।
সম্পূৰ্ণ মাৰাথন – ৪২.১৯৫ কিলোমিটাৰ
মাৰাথনৰ মূল শাখাটোত আন্ত:ৰাষ্ট্ৰীয় মানদণ্ডৰ ৪২.১৯৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগিব। পেছাদাৰী আৰু অভিজ্ঞ দৌৰবিদসকলৰ বাবে এয়া হ’ব সহনশক্তিৰ এক চূড়ান্ত পৰীক্ষা। এই শাখাত বিশ্বৰ আগশাৰীৰ ৩০গৰাকী পুৰুষ আৰু মহিলা দৌৰবিদৰ লগতে ভাৰতৰ শীৰ্ষস্থানীয় দৌৰবিদসকলেও অংশগ্ৰহণ কৰিব। শীৰ্ষস্থানীয় আৰু বয়সভিত্তিক দুয়োটা শ্ৰেণীৰ প্ৰতিযোগীৰ বাবে এই শাখাত থাকিব সৰ্বাধিক আৰ্থিক পুৰস্কাৰ।
হাফ মাৰাথন – ২১.০৯৭ কিলোমিটাৰ
২১.০৯৭ কিলোমিটাৰ দূৰত্বৰ হাফ মাৰাথনখন অভিজ্ঞ দৌৰবিদ আৰু সম্পূৰ্ণ মাৰাথনৰ দূৰত্ব অতিক্ৰম কৰাৰ লক্ষ্যৰে আগবঢ়া দৌৰবিদসকলৰ বাবে এক প্ৰত্যাহ্বান হ’ব। এই শাখাত ভাৰতীয় শীৰ্ষ দৌৰবিদসকলেও অংশগ্ৰহণ কৰিব।
১০ কিলোমিটাৰ দৌৰ
১০ কিলোমিটাৰ দৌৰে দৌৰবিদ আৰু সুস্থ জীৱনশৈলীৰ প্ৰতি আগ্ৰহী লোকসকলক দীঘলীয়া দূৰত্বৰ মাৰাথনত অংশ নোলোৱাকৈ এক সুসংগঠিত দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিব।
৫ কিলোমিটাৰ দৌৰ
পৰিয়াল, কৰ্প’ৰেট গোট আৰু যুৱসমাজক এক বিশেষ উদ্দেশ্যৰ বাবে একেলগে দৌৰিবলৈ উৎসাহিত কৰা এক আনন্দময় আৰু উৎসৱমুখৰ শাখা।
১.৫ কিলোমিটাৰ দৌৰ
বিভিন্ন বয়স নিৰ্বিশেষে সকলো লোকক একেলগে সামৰি লোৱা এই দৌৰ হ’ব মুকলি, আনন্দময় আৰু সমাজকেন্দ্ৰিক এক শাখা। এক বিশেষ উদ্দেশ্যৰ বাবে সকলোকে দৌৰত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাই ইয়াৰ মূল লক্ষ্য।
গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথনৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে থাকিব ভাৰতীয় বেডমিণ্টন চেম্পিয়ন পি ভি সিন্ধু। তেখেতৰ উপস্থিতিয়ে মাৰাথনখনৰ ক্ৰীড়া উৎকৰ্ষতা আৰু যুৱসমাজৰ অংশগ্ৰহণৰ বাৰ্তা অধিক শক্তিশালী কৰাৰ লগতে অনুষ্ঠানটোৰ পৰিসৰ ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়লৈ সম্প্ৰসাৰিত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। মাৰাথনখনৰ আনুষ্ঠানিক ঘোষণাৰ লগে লগে ১১ ছেপ্টেম্বৰ ২০২৬ৰ পৰা অংশগ্ৰহণকাৰীৰ পঞ্জীয়ন মুকলি হ’ব। ইয়াৰ জৰিয়তে দেশ-বিদেশৰ দৌৰবিদসকলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথনৰ প্ৰথম সংস্কৰণত নিজৰ অংশগ্ৰহণ নিশ্চিত কৰিব পাৰিব।
অংশগ্ৰহণকাৰীসকলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথনৰ চৰকাৰী ৱেবছাইটৰ জৰিয়তে অনলাইন পঞ্জীয়ন কৰিব পাৰিব। গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথনৰ চৰকাৰী ৱেবছাইট https://www.guwahatiinternationalmarathon.org – ৰ জৰিয়তে অনলাইন পঞ্জীয়নৰ সুবিধাৰ লগতে যোগ্যতাৰ মাপকাঠি, পঞ্জীয়ন মাচুল, দৌৰৰ বিভিন্ন শাখা, বি আই বি সংগ্ৰহ, দৌৰৰ দিনটোৰ নিৰ্দেশনা আৰু অংশগ্ৰহণকাৰীৰ বাবে প্ৰয়োজনীয় অন্যান্য তথ্য উপলব্ধ থাকিব। ভাৰত তথা বিদেশৰ পৰা ব্যাপক অংশগ্ৰহণৰ আশা কৰা হোৱাৰ পৰিপ্ৰেক্ষিতত দৌৰবিদসকলক নিৰ্ধাৰিত পঞ্জীয়ন সময়সীমাৰ ভিতৰতে পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
মাৰাথন আৰু পৰৱৰ্তী দৌৰ প্ৰতিযোগিতাসমূহৰ আৰম্ভণি আৰু সামৰণি ঐতিহাসিক জৰ্জ ফিল্ডত হ’ব। দৌৰবিদসকলক গুৱাহাটীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঐতিহ্য আৰু উল্লেখযোগ্য স্থানৰ মাজেৰে লৈ যোৱাৰ বাবে বিশেষভাৱে এই দৌৰপথটো প্ৰস্তুত কৰা হৈছে। জৰ্জ খেলপথাৰৰ পৰা দৌৰপথটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ দিশে আগবাঢ়ি কুমাৰ ভাস্কৰ বৰ্মা সেতু হৈ আই আই টি গুৱাহাটীলৈ যাব। তাৰ পাছত পুনৰ কুমাৰ ভাস্কৰ বৰ্মা সেতু অতিক্ৰম কৰি দৌৰপথটো জৰ্জ খেলপথাৰত সামৰণি পৰিব। এই দৌৰপথে দীঘলীয়া দূৰত্বৰ দৌৰৰ ক্ৰীড়ামূলক প্ৰত্যাহ্বানৰ সৈতে গুৱাহাটীৰ নগৰীয়া পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক বৈশিষ্ট্যক একত্ৰিত কৰিব। একে সময়তে দেশ-বিদেশৰ দৌৰবিদ আৰু পৰ্যটকসকলক গুৱাহাটীৰ অনন্য পৰিৱেশ আৰু নগৰীয়া পৰিচয় অনুভৱ কৰাৰ সুযোগ প্ৰদান কৰিব।
এই দৌৰপথটো ৱৰ্ল্ড এথলেটিকছৰ গ্ৰেড এ প্ৰমাণিত দৌৰপথ জোখ-মাখ বিশেষজ্ঞ অষ্ট্ৰেলিয়াৰ কিম ভিভিয়ানে জোখ-মাখ কৰিছে।
আমেৰিকা যুক্তৰাজ্যৰ অভিজ্ঞ ৰিচাৰ্ড হাণ্টাৰে ৰেচ ডাইৰেক্টৰ হিচাপে দায়িত্ব পালন কৰিব। আনহাতে, ইয়ান লেডব্ৰুকে আন্ত:ৰাষ্ট্ৰীয় শীৰ্ষস্থানীয় দৌৰবিদসকলৰ সমন্বয়ক আৰু প্ৰাক্তন এছিয়ান মাৰাথন চেম্পিয়ন সুনীতা গোদাৰা ভাৰতীয় শীৰ্ষস্থানীয় দৌৰবিদসকলৰ সমন্বয়কৰ দায়িত্বত থাকিব।
গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথনৰ জৰিয়তে গুৱাহাটীয়ে বিশ্বৰ আগশাৰীৰ চহৰসমূহৰ সৈতে এক নতুন ক্ৰীড়া যাত্ৰাত খোজ দিবলৈ সাজু হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তত মাৰাথন এতিয়া কেৱল প্ৰতিযোগিতামূলক দৌৰত সীমাবদ্ধ হৈ থকা নাই; ই ক্ৰীড়া, সুস্থ জীৱনশেলী, পৰ্যটন, সামাজিক উদ্দেশ্য, জনসাধাৰণৰ অংশগ্ৰহণ আৰু চহৰৰ পৰিচয়ক নতুন মাত্ৰা প্ৰদান কৰা এক শক্তিশালী মঞ্চলৈ পৰিণত হৈছে। গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথনে গুৱাহাটীক আন্ত:ৰাষ্ট্ৰীয় দৌৰ প্ৰতিযোগিতাৰ এক গুৰুত্বপূৰ্ণ গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে প্ৰতি বছৰে অধিক অংশগ্ৰহণ আৰু বিশ্বব্যাপী পৰিচয় লাভ কৰা এক স্থায়ী আন্ত:ৰাষ্ট্ৰীয় ক্ৰীড়া পৰম্পৰা গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথনক এক বাৰ্ষিক ক্ৰীড়া অনুষ্ঠান হিচাপে আয়োজন কৰাৰ পৰিকল্পনা কৰা হৈছে। প্ৰতিটো সংস্কৰণতে অংশগ্ৰহণকাৰীৰ সংখ্যা, ক্ৰীড়াক্ষেত্ৰৰ উৎকৰ্ষতা, পৰ্যটনৰ আকৰ্ষণ আৰু আন্ত:ৰাষ্ট্ৰীয় পৰিচয় অধিক বৃদ্ধি কৰাৰ লক্ষ্য ৰখা হৈছে।
গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথনৰ বিষয়ে –
গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন হৈছে গুৱাহাটীৰ পৰা আৰম্ভ হ’বলগীয়া এখন আন্ত:ৰাষ্ট্ৰীয় দৌৰ প্ৰতিযোগিতা, যাৰ লক্ষ্য হৈছে অসমত বিশ্বমানৰ এক স্বীকৃত ক্ৰীড়া মঞ্চ গঢ়ি তোলা। এই অনুষ্ঠানৰ জৰিয়তে দৌৰ, সুস্থ জীৱনশৈলী, ক্ৰীড়া উৎকৰ্ষতা, পৰ্যটন আৰু সমাজৰ অংশগ্ৰহণক উৎসাহিত কৰাৰ লগতে অঞ্চলভিত্তিক উন্নয়নকো আগুৱাই নিয়াৰ লক্ষ্য লোৱা হৈছে। ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৌৰবিদসকলক একত্ৰিত কৰি গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথনে অসমক বিশ্ব ক্ৰীড়া মানচিত্ৰত এক নতুন পৰিচয় প্ৰদান কৰাৰ প্ৰয়াস কৰিব।
পি এম জি স্পৰ্টছ সম্পৰ্কে –
পি এম জি স্পৰ্টছ হৈছে ভাৰতৰ আগশাৰীৰ ক্ৰীড়া বিপণন প্ৰতিষ্ঠানসমূহৰ অন্যতম। ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰৰ নেতৃত্বত ১৯৮৫ চনত প্ৰতিষ্ঠা হোৱা প্ৰতিষ্ঠানটোৱে ক্ৰীড়া বিপণন আৰু কৌশলগত পৰিকল্পনাৰ ক্ষেত্ৰত নিজৰ বিশেষজ্ঞতাৰ জৰিয়তে বহু দীৰ্ঘস্থায়ী অংশীদাৰিত্ব গঢ়ি তুলিছে। পি এম জি স্পৰ্টছে ভাৰতত ক্ৰীড়াভিত্তিক বিষয়বস্তু সৃষ্টি আৰু মিডিয়া ছিণ্ডিকেশ্যনৰ ক্ষেত্ৰত পথপ্ৰদৰ্শকৰ ভূমিকা পালন কৰিছে। বৰ্তমান প্ৰতিষ্ঠানটোৱে ক্ৰীড়া পৰামৰ্শ, পৃষ্ঠপোষকতা, ব্ৰেণ্ড এণ্ড’ৰ্চমেণ্ট, বিষয়বস্তু সৃষ্টি তথা বিভিন্ন ক্ৰীড়া অনুষ্ঠানৰ পৰিকল্পনা আৰু ৰূপায়ণকে ধৰি একাধিক ক্ষেত্ৰত কাম কৰি আহিছে।