১৭বছৰৰ পিছত কালি অনুষ্ঠিত হ’ল গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন।সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত ৮১৬ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে । এইবাৰ নিৰ্বাচনত১০টা পদত ৩৬জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়।
কালি অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে । যিসকলে জয়লাভ কৰিলে সেই সকল হ’ল- সভাপতি পদত জয়লাভ কৰিলে নিয়মীয়া বাৰ্তা কাকতৰ মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদকৰ পদত জয়লাভ কৰিলে সঞ্জয় ৰয়ে ।
উপ সভাপতি পদত জয়যুক্ত হ’ল অসমীয়া প্ৰতিদিন কাাকতৰ ফটো সাংবাদিক ধনীৰাম কলিতা, উপসভাপতি (মহিলাৰ বাবে সংৰক্ষিত) পদত মৌচুমী শৰ্মা বৰুৱা, সহকাৰী সাধাৰণ সম্পাদক পদ
মনিন্দ্ৰ ডেকা,সহকাৰী সাধাৰণ সম্পাদক ( মহিলাৰ বাবে সংৰক্ষিত)পদত মনীষা কলিতা,সাংগঠনিক সম্পাদকৰ পদত ৰাজু বৰুৱা,কোষাধ্যক্ষ পদত নয়ন প্ৰতিম কুমাৰ,সাংস্কৃতিক সম্পাদকৰ পদত পল্লৱী বৰা,ক্ৰীড়া সম্পাদকৰ পদত ধীৰাজ হাজৰিকা জয় লাভ কৰিলে।
ঘোষণা হ’ল গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ ফলাফল
