ঘোষণা হ’ল গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ ফলাফল

0 245

১৭বছৰৰ পিছত কালি অনুষ্ঠিত হ’ল গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন।সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত ৮১৬ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে । এইবাৰ নিৰ্বাচনত১০টা পদত ৩৬জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়।
 
 
কালি অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে । যিসকলে জয়লাভ কৰিলে সেই সকল হ’ল- সভাপতি পদত জয়লাভ কৰিলে নিয়মীয়া বাৰ্তা কাকতৰ মনোজ কুমাৰ নাথ  আৰু সাধাৰণ সম্পাদকৰ পদত জয়লাভ কৰিলে সঞ্জয় ৰয়ে ।
 
 
উপ সভাপতি পদত জয়যুক্ত হ’ল অসমীয়া প্ৰতিদিন কাাকতৰ ফটো সাংবাদিক ধনীৰাম কলিতা, উপসভাপতি (মহিলাৰ বাবে সংৰক্ষিত) পদত মৌচুমী শৰ্মা বৰুৱা,  সহকাৰী সাধাৰণ সম্পাদক পদ
মনিন্দ্ৰ ডেকা,সহকাৰী সাধাৰণ সম্পাদক ( মহিলাৰ বাবে সংৰক্ষিত)পদত মনীষা কলিতা,সাংগঠনিক সম্পাদকৰ পদত ৰাজু বৰুৱা,কোষাধ্যক্ষ পদত নয়ন প্ৰতিম কুমাৰ,সাংস্কৃতিক সম্পাদকৰ পদত পল্লৱী বৰা,ক্ৰীড়া সম্পাদকৰ পদত  ধীৰাজ হাজৰিকা জয় লাভ কৰিলে।

Leave A Reply

Your email address will not be published.