বৈজ্ঞানিক পদ্ধতিৰে মৎস্য পালন কৰি উপকৃত হৈছে দেৰগাঁৱৰ যুৱক

0 326

প্ৰতিদিনে বৰ্হিৰাজ্যৰ পৰা অসমলৈ বৃহৎ পৰিমাণত মাছ আহে।অসমত বৰ্হিৰাজ্যৰ মাছৰ চাহিদা বহু বেছি ।এই টেণ্ডটো সলনি কৰাৰ উদ্দেশ্যে মৎস্য পালনৰ বৃত্তিটো বাছি লও।এই মন্তব্য দিগন্ত দত্তৰ।
কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীধাৰী দেৰগাঁৱৰ দিগন্ত দত্তই বৈজ্ঞানিক পদ্ধতিৰে মৎস্য পালন কৰিছে।ঘৰতে বায়’ ফ্লক পদ্ধতিৰে ১১হাজাৰ শিঙি মাছ পালন কৰিছে।ইয়াৰ উপৰিও পাভ, খলিহনা মাছ পালন কৰিব বুলি জানিব পৰা গৈছে।
এই পদ্ধতিৰে মৎস্য পালন কৰিলে খৰছ পৰিমাণো কম।ইতিমধ্যে এই শিঙি মাছ পালন ব্যৱসায়ীকৰণ কৰাৰ বাবে প্ৰচেষ্টা চলাইছে বুলি জানিব পৰা গৈছে।দিগন্ত দত্তৰ এই  কৰ্মৰ প্ৰতি আগ্ৰহী হৈ একাংশ নিবনুৱাই অনুপ্ৰেৰণাৰ লাভ কৰিছে জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.