চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ “গাঁওলৈ ব’লক” কাৰ্যসূচী ৰূপায়ন

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আজি পুৱাই চতিয়া আৰু নদুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত অঞ্চলত পঞ্চায়তৰ জনপ্ৰতিনিধিসকলক লগত লৈ এক কাৰ্যসূচী গাঁৱলৈ ব’লক ৰূপায়ণ কৰে ৷ চাইকেলৰ পেডেল মাৰি মাৰি বিধায়ক পদ্ম হাজৰিকাই চতিয়া সমষ্টিৰ গাঁৱে গাঁৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমুহৰ পৰিদৰ্শন কৰে ৷ চৰকাৰী আঁচনিসমুহ সুচাৰুৰূপে চলিছে নে নাই ? প্ৰধানমন্ত্ৰী আৱাসগৃহ সঠিকভাৱে নিৰ্মাণ হৈছেনে নাই ? এই সকলো দিশ পৰিদৰ্শনৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰে৷
আৱাসগৃহ সমূহৰ ক্ষেত্ৰত যিজনে আটকধুনীয়াকৈ গৃহটো নিৰ্মাণ কৰি উলিয়াব সেইজনক এটা টেলিভিছনৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব বুলিও ঘোষণা বিধায়কগৰাকীৰ৷বিধায়কগৰাকীৰ লগত সংগ দিয়ে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱা, চতিয়া ৩ নং গাঁও পঞ্চায়তৰ সভাপতি উদয়শংকৰ শইকীয়া,পঞ্চায়তৰ প্ৰতিনিধিৰ লগত ৱাৰ্ডৰ সদস্যসকলে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment