চন্দ্ৰযান ২ উৰা মাৰিল চন্দ্ৰপৃষ্ঠলৈ

দেশৰ ইতিহাসত আজি এটা বিশেষ দিন।সফলতাৰে চন্দ্ৰ পৃষ্ঠলৈ উৰা মাৰিল চন্দ্ৰযান- ২।আজি বিয়লি ২বাজি ৪৩ মিনিটত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান শ্ৰীহৰিকোটৰ পৰা জোনৰ দেশলৈ উৰা মাৰিল চন্দ্ৰযান ২।মিনিটত ১৩০ কিলো মিটাৰ বেগেৰে যোৱা জি এচ এল ভি চন্দ্ৰযান ২য়ে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱস্থান কৰিব।চন্দ্ৰযান ২ ত সংযুক্ত কৰা হৈছে অবিটাৰ ,লেণ্ডাৰ অৰ্থাৎ বিক্ৰম, ৰ’ভাৰ অৰ্থাৎ প্ৰজ্ঞান শীৰ্ষক ৩টা বিশেষ অংশ।উল্লেখযোগ্য যে অৰবিটাৰে চন্দ্ৰ পৃষ্ঠৰ ফটো তুলি পানী আৰু মাণিকৰ সন্ধান দিব, লেণ্ডাৰে অৰ্থাৎ বিক্ৰমে চন্দ্ৰ পৃষ্ঠৰ ভূ-কম্পন, তাপমানৰ সম্ভেদ দিব।আনহাতে ৰ’ভাৰ অৰ্থাৎ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠৰ মাটি পৰীক্ষা নিৰীক্ষা কৰিব।স্মতব্য যে একমাত্ৰ ভাৰতে পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ মেৰুলৈ চন্দ্ৰযান উৎক্ষেপণ কৰিছে।

Comments (0)
Add Comment