চাৰি মাহৰ পাচত পুনৰ চলাচল আৰম্ভ নৈশ বাছৰ

অসম চৰকাৰে নতুনকৈ জাৰি কৰা SOP অনুসৰি ক’ভিড বিধিৰ ক্ষেত্ৰত বহু শিথিলতা অনা দেখা গ’ল।আন বহু নীতি নিয়মৰ সাল সলনি কৰাৰ লগতে খুলি দিয়া হ’ল আন্তঃ জিলা যাতায়ত ব্যৱস্থা। ১০০ % চিট পূৰ্ণ কৰি চলিবলৈ অনুমতি প্ৰদান কৰিলে যাত্ৰীবাহী বাহন সমূহক।সেই নিয়মৰ মাজেৰে যোৱা কালিৰ নিশাৰ পৰা ১০০% যাত্ৰীৰে চলিল নৈশ বাছ সমূহ। বুধবাৰে সন্ধিয়াৰ পৰা চলা নৈশ বাছ সমূহৰ যাত্ৰী বহা চিট সমূহৰ লগতে সমগ্ৰ বাছ খন চেনিটাইজ কৰা হৈছে বুলি জানিব দিছে। যাত্ৰী সকলৰ লগতে চালক -পৰিচালক সকলে মাস্ক পিন্ধা আৰু যাত্ৰী বাচত উঠাৰ সময়ত হাতত চেনিটাইজাৰ সনা আদি সম্পূৰ্ণ চৰকাৰে জাৰি কৰা ক’ভিড প্ৰট’কল মানি চলা দেখা গ’ল। ক’ভিড মহামাৰীৰ বাবে প্ৰায় চাৰিমাহ চলাচল বন্ধহৈ থকা নৈশ বাছ সমূহৰ টায়াৰ,বেটেৰী আদিৰ লগতে বাতানুকুল যন্ত্ৰ আদিৰ ক্ষতি হোৱাৰ কথা জানিব দিয়ে চালক সকলে।
বাতৰি যুগুতালে টীয়কৰ পৰা উৎপল খাউণ্ডে

Comments (0)
Add Comment