জামুগুৰিহাটৰ কেৰানীপামত ৪০ গৰাকী মহিলা যুৱতীয়ে ঘৰতে বিভিন্ন উদ্যোগ স্থাপনৰে হৈ উঠিছে স্বাৱলম্বী

জামুগুৰিহাটৰ উত্তৰ বৰভগীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ধোবাকটা, কেৰাণীপাম, বামুনবাৰিৰ গাঁৱৰ চাৰিটাকৈ মহিলা আত্ম সহয়ক গোটৰ সদস্যা একত্ৰিত হৈ কেইবাটিও লঘু উদ্যোগ স্থাপনৰ লক্ষ্যৰে আজি বিভিন্ন প্ৰশিক্ষণ গ্ৰহণ কৰে ৷ আত্ম সহায়ক গোট কেইটিৰ সদস্যা সকলে ডিচপজেল গ্লাছ-বাতি- পাত, ধুপ কাঠি, চিত্ৰনলা, ফেনাইল আদি নিৰ্মাণৰ প্ৰশিক্ষন গ্ৰহন কৰি সামগ্ৰী সমূহ তৈয়াৰ কৰাত ব্যস্ত হৈ পৰে ৷ উদ্যোগী মহিলা অংকুমনি ৰাজখোৱাৰ নেতৃত্বত প্ৰায় ৪০ গৰাকী মহিলাই এই প্ৰশিক্ষণ গ্ৰহন কৰি ইতিমধ্যে ভালেখিনি সামগ্ৰী তৈয়াৰ কৰি বজাৰলৈ উলিয়াই দিয়ে ৷ অঞ্চলটোৰ উজ্বল আত্ম সহায়ক গোট, শকুন্তলা, বৃষ্টি, নৱজ্যোতি আৰু জোনাক আত্ম সহায় গোটৰ সদস্যা সকলক এই ক্ষেত্ৰত সামগ্ৰী নিৰ্মানৰ বিভিন্ন যন্ত্ৰ-পাতি যোগান ধৰি সহযোগীতা আগবঢ়ায় যোৰহাটৰ এটি স্বেচ্ছাসেৱী সংগঠনে ৷ মহিলা সদস্যা সকলে ঘৰতে উদ্যোগ স্থাপন কৰি তৈয়াৰ কৰা সামগ্ৰী সমুহ বজাৰত বিক্ৰী কৰি যথেষ্ট পৰিমানে লাভাম্ভিত হোৱা বুলি মন্তব্য কৰে মহিলা গোটৰ অন্যতম সদস্যা অংকুমনি ৰাজখোৱাই ৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment