ডিজিটিলেণ্টত প্ৰশিক্ষণ প্ৰদান

যুৱচামৰ বাবে বহনক্ষম নিয়োগ নিশ্চিত কৰিব পৰাকৈ উত্তৰ পূবত পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হ’ল ডিজিটেল মাৰ্কেটিংঙৰ বিনামূলীয়া প্ৰশিক্ষণ পাঠ‍্যক্ৰম। ডিজিটেল মাৰ্কেটিংঙৰ যোগেদিও যে এটা সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰি ইয়াক লৈ যুৱচামক সজাগ কৰাৰ লগতে প্ৰশিক্ষণ দিয়াৰ দিহা কৰা হৈছে। গুৱাহাটী স্থিত ডিজিটিলেণ্ট অফিচত আগ্ৰহী শিক্ষাৰ্থী সকলক এই বিষয়ত প্ৰশিক্ষণ দিয়া হ’ব। অহা ৯জুলাই ২০১৯ ৰ পৰা প্ৰথম বৰ্ষৰ প্ৰশিক্ষণৰ শুভাৰম্ভ কৰা হ’ব।ডিজিটিলেণ্টৰ প্ৰতিষ্ঠাপক লগতে প্ৰশিক্ষক মনীষ চৌধুৰীয়ে জনায়- ‘ আমি বৰ্তমান সময়ত এনে এটা যুগত আছো যিটো সময়ত ইণ্টাৰনেটৰ যোগেদি মানুহে সকলো পাই আৰু বৰ্তমান সময়ত ইণ্টাৰনেটৰ জনপ্ৰিয়তাই ডিজিটেল মাৰ্কেটিংঙৰ বজাৰ খনত বিপুল সম্ভাৱনীয়তা কঢ়িয়াই আনিছে। কিন্তু বৰ্তমান সময়ত উত্তৰ পূবত ডিজিটেল মাৰ্কেটিংঙৰ প্ৰসাৰ সীমিত হোৱাৰ বাবে ই ক’ৰবাত নহয় ক’ৰবাত ৰৈ গৈছে। সেইগতিকে আমি এই বিষয়ত সজাগতা আনিবৰ বাবে ডিজিটেল মাৰ্কেটিংঙ জ’ব নৰ্থ ইষ্ট আৰম্ভ কৰিছো।

Comments (0)
Add Comment