যুৱচামৰ বাবে বহনক্ষম নিয়োগ নিশ্চিত কৰিব পৰাকৈ উত্তৰ পূবত পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হ’ল ডিজিটেল মাৰ্কেটিংঙৰ বিনামূলীয়া প্ৰশিক্ষণ পাঠ্যক্ৰম। ডিজিটেল মাৰ্কেটিংঙৰ যোগেদিও যে এটা সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰি ইয়াক লৈ যুৱচামক সজাগ কৰাৰ লগতে প্ৰশিক্ষণ দিয়াৰ দিহা কৰা হৈছে। গুৱাহাটী স্থিত ডিজিটিলেণ্ট অফিচত আগ্ৰহী শিক্ষাৰ্থী সকলক এই বিষয়ত প্ৰশিক্ষণ দিয়া হ’ব। অহা ৯জুলাই ২০১৯ ৰ পৰা প্ৰথম বৰ্ষৰ প্ৰশিক্ষণৰ শুভাৰম্ভ কৰা হ’ব।ডিজিটিলেণ্টৰ প্ৰতিষ্ঠাপক লগতে প্ৰশিক্ষক মনীষ চৌধুৰীয়ে জনায়- ‘ আমি বৰ্তমান সময়ত এনে এটা যুগত আছো যিটো সময়ত ইণ্টাৰনেটৰ যোগেদি মানুহে সকলো পাই আৰু বৰ্তমান সময়ত ইণ্টাৰনেটৰ জনপ্ৰিয়তাই ডিজিটেল মাৰ্কেটিংঙৰ বজাৰ খনত বিপুল সম্ভাৱনীয়তা কঢ়িয়াই আনিছে। কিন্তু বৰ্তমান সময়ত উত্তৰ পূবত ডিজিটেল মাৰ্কেটিংঙৰ প্ৰসাৰ সীমিত হোৱাৰ বাবে ই ক’ৰবাত নহয় ক’ৰবাত ৰৈ গৈছে। সেইগতিকে আমি এই বিষয়ত সজাগতা আনিবৰ বাবে ডিজিটেল মাৰ্কেটিংঙ জ’ব নৰ্থ ইষ্ট আৰম্ভ কৰিছো।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন