ডিজিটেল মাধ্যমৰ বিশেষ প্ৰয়োজন – মোদী

তথ্য প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত প’ৰ্টেলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। প’ৰ্টেল হ’ল এনে এটা মাধ্যম, যাৰ জৰিয়তে সহজতে যিকোনো ধৰণৰ খবৰ অনায়াসে পাব পাৰি। আমাৰ চাৰিওফালে নেতিবাচক মানসিকতাই ভৰি আছে। সেয়েহে আমি ইতিবাচক খবৰবোৰ সমাজত প’ৰ্টেলৰ জৰিয়তে বিলাব লাগে।এই মন্তব্য মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।আজি মহানগৰীৰ খৃষ্টানবস্তিস্থিত য’লনী আই টি কোম্পানীৰ কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এক ভি ডি অ’ কনফাৰেঞ্চ অনুষ্ঠানত এনেদৰে কয়-বৰ্তমান সময়ত ষ্টাৰ্ট আপৰ জোৱাৰ উঠিছে।কাৰণ যুৱ উদ্যমীৰ মানসিকতা সলনি হৈছে। যুৱ উদ্যমীৰ উৎসাহে চৰকাৰক কাম কৰিবলৈ বাধ্য কৰাইছে। আমি সদায় প্ৰাকৃতিক সম্পদ সমূহক সদ ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে বৰষুুুণৰ পানী সংৰক্ষণ কৰিব লাগে। মহাত্মা গান্ধীৰ জন্ম স্থান পুৰবন্দৰত বৰষুণৰ পানী সংৰক্ষণ কৰি ব্যৱহাৰ কৰে। জানি সুখী হ’ব যে এই পৰম্পৰা ২০০ ৰ বছৰীয়া পুৰণি পৰম্পৰা। খেতি পথাৰত খেতিৰ লগতে মৌ, মাখি পালন কৰিব লাগে। ই এক লাভজনক পন্থা। ইয়াৰ জৰিয়তে বছৰি প্ৰায় ২লাখ টকা আয় হ’ব পাৰে। শিক্ষাই সকলো ক্ষেত্ৰতে পৰিবৰ্তন আনে। প্ৰযুক্তিবিদ্যাৰ সুপ্ৰয়োগেহে জীৱন যাত্ৰা উন্নত কৰি তুলিব। বিশেষকৈ আমি আমাৰ চৌপাশ অধ্যয়নৰ পৰা বহু কথা শিকিব পাৰো। লগতে তেখেতে কয় যে প্ৰযুক্তিবিদ্যাহে আমাৰ দেশখনক আগুৱাই নিব। উল্লেখ্য যে প্ৰথম বাৰৰ বাবে দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ পৰা আই টি ক্ষেত্ৰৰ কোম্পানীসকলক সম্বোধন কৰি ভিডিঅ’ কনফাৰেঞ্চ কৰে। প্ৰায় ৪ লাখ লোকে এই কনফাৰেঞ্চত প্ৰত্যক্ষ ভাৱে  অংশ লয়। কনফাৰেঞ্চ অনুষ্ঠানৰ লগত সংগতি ৰাখি Main Nahin Hum শীৰ্ষক এটা প’ৰ্টেল আৰু এটা এপ মুকলি কৰে। বিভিন্ন ৰাজ্যৰ আই টি কোম্পেনী যেনে -চিছকো’, টি চি এছ আদিয়ে কনফাৰেঞ্চত অংশ লয়।

Comments (0)
Add Comment