তথ্য প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত প’ৰ্টেলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। প’ৰ্টেল হ’ল এনে এটা মাধ্যম, যাৰ জৰিয়তে সহজতে যিকোনো ধৰণৰ খবৰ অনায়াসে পাব পাৰি। আমাৰ চাৰিওফালে নেতিবাচক মানসিকতাই ভৰি আছে। সেয়েহে আমি ইতিবাচক খবৰবোৰ সমাজত প’ৰ্টেলৰ জৰিয়তে বিলাব লাগে।এই মন্তব্য মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।আজি মহানগৰীৰ খৃষ্টানবস্তিস্থিত য’লনী আই টি কোম্পানীৰ কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এক ভি ডি অ’ কনফাৰেঞ্চ অনুষ্ঠানত এনেদৰে কয়-বৰ্তমান সময়ত ষ্টাৰ্ট আপৰ জোৱাৰ উঠিছে।কাৰণ যুৱ উদ্যমীৰ মানসিকতা সলনি হৈছে। যুৱ উদ্যমীৰ উৎসাহে চৰকাৰক কাম কৰিবলৈ বাধ্য কৰাইছে। আমি সদায় প্ৰাকৃতিক সম্পদ সমূহক সদ ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে বৰষুুুণৰ পানী সংৰক্ষণ কৰিব লাগে। মহাত্মা গান্ধীৰ জন্ম স্থান পুৰবন্দৰত বৰষুণৰ পানী সংৰক্ষণ কৰি ব্যৱহাৰ কৰে। জানি সুখী হ’ব যে এই পৰম্পৰা ২০০ ৰ বছৰীয়া পুৰণি পৰম্পৰা। খেতি পথাৰত খেতিৰ লগতে মৌ, মাখি পালন কৰিব লাগে। ই এক লাভজনক পন্থা। ইয়াৰ জৰিয়তে বছৰি প্ৰায় ২লাখ টকা আয় হ’ব পাৰে। শিক্ষাই সকলো ক্ষেত্ৰতে পৰিবৰ্তন আনে। প্ৰযুক্তিবিদ্যাৰ সুপ্ৰয়োগেহে জীৱন যাত্ৰা উন্নত কৰি তুলিব। বিশেষকৈ আমি আমাৰ চৌপাশ অধ্যয়নৰ পৰা বহু কথা শিকিব পাৰো। লগতে তেখেতে কয় যে প্ৰযুক্তিবিদ্যাহে আমাৰ দেশখনক আগুৱাই নিব। উল্লেখ্য যে প্ৰথম বাৰৰ বাবে দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ পৰা আই টি ক্ষেত্ৰৰ কোম্পানীসকলক সম্বোধন কৰি ভিডিঅ’ কনফাৰেঞ্চ কৰে। প্ৰায় ৪ লাখ লোকে এই কনফাৰেঞ্চত প্ৰত্যক্ষ ভাৱে অংশ লয়। কনফাৰেঞ্চ অনুষ্ঠানৰ লগত সংগতি ৰাখি Main Nahin Hum শীৰ্ষক এটা প’ৰ্টেল আৰু এটা এপ মুকলি কৰে। বিভিন্ন ৰাজ্যৰ আই টি কোম্পেনী যেনে -চিছকো’, টি চি এছ আদিয়ে কনফাৰেঞ্চত অংশ লয়।
Trending
- মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত স্বাক্ষৰিত হয় এইমএছ গুৱাহাটী আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মাজত এক বুজাবুজি চুক্তি
- আজিৰে পৰা ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল
- অমৃত বৃক্ষ আন্দোলনৰ অধীনত মৰিগাঁও জিলাত ৭ লাখ গছপুলি ৰোপণৰ লক্ষ্য
- তামুলপুৰত স্বাধীনতা দিৱসৰ প্ৰস্তুতি সম্পৰ্কীয় সভা
- গুৱাহাটী জল ব’ৰ্ডৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনাৰ অন্তত মন্ত্ৰী অশোক সিংহলৰ ঘোষণা
- গোৱালপাৰাৰ সদ্যপ্ৰয়াত ব্যৱসায়ী অশোক গোৱেলৰ বাসগৃহত উপস্থিত হৈ শোকাৰ্ত পৰিয়ালবৰ্গক সাক্ষাৎ মন্ত্ৰী অশোক সিংহলৰ
- আকাশবাণী নগাঁও কেন্দ্ৰৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিন উদযাপন
- গুৱাহাটীত সাংবাদিকৰে মননশীল আলোচনাত অৰ্গেনাইজাৰ” পত্ৰিকাৰ মুখ্য সম্পাদক প্ৰফুল্ল কেতকাৰ
- পৌৰ প্ৰশাসনৰ সংস্কাৰ, উদ্যান আৰু বজাৰগৃহ নিৰ্মাণ, স্বচ্চ ভাৰত অভিযান আদি বিভিন্ন বিষয়ত জনতা ভৱনত মন্ত্ৰী অশোক সিংহলৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক
- অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰামপুৰ আঞ্চলিক সমিতি গঠন