তামুলপুৰ জিলা প্ৰশাসনে সমাগত ৭৮সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে। তদুপলক্ষে আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত তামুলপুৰ জিলাৰ বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে প্ৰতিটো বিভাগৰ বিষয়াসকলক নিজৰ নিজৰ দায়িত্বসমূহৰ কথা সোঁৱৰাই দিয়ে। আয়ুক্তগৰাকীয়ে স্বাস্থ্য, পশুপালন, হস্ততাঁত, সমাজকল্যাণ আদি বিভাগক স্বাধীনতা দিৱসৰ দিনা প্ৰদৰ্শনীও অনুষ্ঠিত কৰিবলৈও আহ্বান জনাইছে। বিভিন্ন কাৰ্যসূচীসমূহ যাতে সুচাৰুভাৱে অনুষ্ঠিত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ জিলা আয়ুক্তগৰাকীয়ে সকলোকে আহ্বান জনায়। আজিৰ সভাখনত অতিৰিক্ত আয়ুক্তদ্বয় ডঃ দীপাংকৰ নাথ আৰু লখিমী দত্ত, সহকাৰী আয়ুক্তত্ৰয় হিতেশ বড়ো, অৰুণিমা কাকতি, কবিতা ফাংচ’ আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
Trending
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures