ঢকুৱাখনাত উৰুকাৰ  শুভ উন্মোচন

স্বাৱলম্বীতা, সৃষ্টিশীলতাৰ অপূৰ্ব সংমিশ্ৰণ  ঘটাই  ঢকুৱাখনা নগৰৰ দুগৰাকী  উদ্যমী যুৱকে  দীৰ্ঘ দিন ধৰি চলাই অহা  নিৰবিছিন্ন প্ৰচেষ্টাই বুধবাৰে সফলতাৰ মুখ দেখিলে ।  নিজৰ লগতে অন্যান্য দহজন থলুৱা কৰ্মঠ যুৱকৰ কৰ্মসংস্থাপনৰ পথ প্ৰশস্ত কৰি  ঢকুৱাখনা নগৰত শুভাৰম্ভ কৰা হ’ল থলুৱা  আৰু  চাইনীজ  সুস্বাদু খাদ্য ব্যঞ্জনৰ একক  নিৰ্ভৰযোগ্য  প্ৰতিষ্ঠান “উৰুকা”। কৰ্মঠ প্ৰত্যয়ী যুৱক ঢকুৱাখনা নগৰৰ কাঠৰবাৰী গাঁওৰ পৰমা দুৱৰা আৰু সুৰ্জিত কোঁৱৰ (বগী)ৰ উদ্যোগত ঢকুৱাখনা – মাজুলী  গড়কাপ্তানী পথৰ   কাঠৰবাৰী  অঞ্চলত সুনিপুন কলা ভাস্কৰ্যখচিত  দৃষ্টিনন্দন  ৰেষ্টুৰা  “উৰুকা” বুধবাৰে শুভ উন্মোচন কৰে মাজুলীৰ কলাত্মক প্ৰতিভাধৰ  পাপুল পায়েংয়ে । গতানুগতিকতা আৰু আভিজাত্যমুখী প্ৰৱণতাৰ বিপৰীতে সম্পূৰ্ণ  থলুৱা বাঁহেৰে উন্নত কাৰিকৰী প্ৰযুক্তিৰে  নিৰ্মিত  দৃষ্টিনন্দন ৰেষ্টুৰা “উৰুকা”ৰ শুভ উন্মোচন কৰি অতিশয় আহ্লাদিত  দুই প্ৰত্যয়ী যুৱ উদ্যোগী। বুধবাৰে বিয়লি এক গাম্ভীৰ্যপূৰ্ণ আৰু মাংগলিক পৰিবেশত “উৰুকা”ৰ  দ্বাৰ উন্মোচন কৰাৰ পাছতে  এই ব্যতিক্ৰমী ৰেষ্টুৰাখনলৈ  গ্ৰাহকৰ সোঁত বয় ।  অভিজ্ঞতালব্ধ  চে’ফ  অভি বৰদলৈৰ সুস্বাদু ব্যঞ্জনেৰে সমৃদ্ধ “উৰুকা”ই  খাদ্য ৰসিক সকলৰ লগতে  থলুৱা নিবনুৱা সকল একাংশৰো আত্মসংস্থাপনৰ পথ প্রশস্ত কৰিব  বুলি জনালে উদ্যমী দুই স্বত্বাধিকাৰীয়ে।
বাতৰি যুগুতালে ঢকুৱাখনা পৰা অমৃত পৱন বৰাই

Comments (0)
Add Comment