এয়াৰটেল ইনছাইডাৰৰ জৰিয়তে গ্ৰাহকে লাভ কৰিব ৩০,০০০ টকাতকৈ অধিক মূল্যৰ বিশেষ সুবিধা

এয়াৰটেলৰ গ্ৰাহকসকলে এতিয়াৰ পৰা উন্নত সংযোগ সেৱাৰ লগতে ৩০,০০০ টকাতকৈ অধিক মূল্যৰ বিভিন্ন আকৰ্ষণীয় সুবিধা লাভ কৰিব পাৰিব। এয়াৰটেলৰ ‘ইনছাইডাৰ’ প্লেটফৰ্মৰ জৰিয়তে গ্ৰাহকসকলে শ্বপিং, ভ্ৰমণ, খাদ্য, মনোৰঞ্জন, শিক্ষা আৰু স্বাস্থ্যসেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ আগশাৰীৰ ব্ৰেণ্ডৰ বিশেষ অফাৰ লাভ কৰিব।

এই প্লেটফৰ্মৰ জৰিয়তে গ্ৰাহকসকলে ডুঅ’লিংগোৰ ১২ মাহৰ ছুপাৰ ছাবস্ক্ৰিপচন, ক্ৰ’মাৰ নিৰ্বাচিত আইফোন মডেলত ২৩,০০০ টকালৈকে ৰেহাই, পকেট এফ এমৰ ৩ মাহৰ প্ৰিমিয়াম ছাবস্ক্ৰিপচন আৰু চিনেপলিছৰ বিশেষ টিকট অফাৰ লাভ কৰিব। ইয়াৰ উপৰি এপ’ল’ ২৪x৭ৰ ৬ মাহৰ চাৰ্কল মেম্বাৰশ্বিপৰ সুবিধাও উপলব্ধ হ’ব।

চিনেপলিছৰ অফাৰৰ অধীনত দুটা চিনেমাৰ টিকট ক্ৰয় কৰিলে এটা টিকট বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। লগতে ১,৫০০ টকা বা তাতকৈ অধিক মূল্যৰ খাদ্য আৰু পানীয়ৰ অৰ্ডাৰত ৩০০ টকাৰ ৰেহাইৰ সুবিধাও থাকিব। অৱশ্যে এই খাদ্য আৰু পানীয়ৰ অফাৰ কেৱল এয়াৰটেলৰ পোষ্টপেইড গ্ৰাহকৰ বাবেহে প্ৰযোজ্য।

যোগ্য এয়াৰটেল ম’বাইল আৰু এয়াৰটেল হোম গ্ৰাহকসকলে এয়াৰটেল এপৰ ‘এয়াৰটেল ইনছাইডাৰ’ শাখাত গৈ উপলব্ধ অফাৰসমূহ চাব পাৰিব। নিজৰ পছন্দ অনুসৰি অফাৰ বাছনি কৰি নিৰ্ধাৰিত চৰ্তাৱলী অনুসৰি এই সুবিধাসমূহ লাভ কৰিব পাৰিব।

ইয়াৰ পূৰ্বেও এয়াৰটেল ইনছাইডাৰে লিংকডইন প্ৰিমিয়াম, ইজিডাইনাৰ আৰু মেকমাইট্ৰিপৰ দৰে আগশাৰীৰ ব্ৰেণ্ডৰ সৈতে অংশীদাৰিত্বৰে গ্ৰাহকক বিভিন্ন সুবিধা আগবঢ়াই আহিছে। আগন্তুক দিনতো এই প্লেটফৰ্মত নতুন নতুন ব্ৰেণ্ড আৰু অফাৰ সংযোজন কৰা হ’ব বুলি জানিবলৈ দিয়া হৈছে।

এই পদক্ষেপৰ জৰিয়তে এয়াৰটেলে গ্ৰাহকসকলক কেৱল সংযোগ সেৱাতে সীমাবদ্ধ নাৰাখি দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত অতিৰিক্ত সুবিধা আৰু উন্নত অভিজ্ঞতা প্ৰদান কৰাৰ লক্ষ্য লৈছে।

Comments (0)
Add Comment