ঢকুৱাখনাৰ মেধাবী ৰিছা চমুৱাই জিনিলে কটন বিশ্ববিদ্যালয়ৰ সোণৰ পদক

ঢকুৱাখনা মহকুমাৰ এগৰাকী  মেধাবী শিক্ষাৰ্থীয়ে  নিজৰ অধ্যাবসায়ৰ  জৰিয়তে ৰাজ্যখনৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত সৰ্বোৎকৃষ্ট মেধাত্ব প্ৰদৰ্শন কৰি সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে ।  ঢকুৱাখনা নগৰৰ জ্যোতি নগৰৰ নিবাসী পৰিবহন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰদীপ চমুৱা আৰু প্ৰয়াত শিক্ষয়িত্ৰী  বিদ্যাৱতী দত্ত চমুৱাৰ একমাত্ৰ কন্যা ৰিছা চমুৱা (মাজনী )  কটন বিশ্ববিদ্যালয়ত হিন্দী বিষয়ত  অধ্যয়নেৰে  সৰ্বোচ্চ নম্বৰ লাভ কৰি স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰাৰ সমান্তৰালভাৱে  বিশ্ববিদ্যালয়ৰ সোণৰ পদক জিনিবলৈ  সক্ষম হৈছে। নৰ্থ লখিমপুৰ মহাবিদ্যালয় ( স্বায়ত্ব শাসিত)  ৰ পৰা  হিন্দী বিষয়ত  মেধাত্ব প্ৰদৰ্শনেৰে  স্নাতক ডিগ্ৰী লাভ কৰি  কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা  মেধাবী ছাত্ৰী  ৰিছা চমুৱাক যোৱা ১০ ছেপ্টেম্বৰত  অনুষ্ঠিত বিশ্ববিদ্যালয়ৰ প্ৰথম সংখ্যক দীক্ষান্ত সমাৰোহত  আচাৰ্য  জগদীশ মুখী  ,মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু আদি শিক্ষাব্ৰতী ব্যক্তিত্বৰ উপস্থিতিত  বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ভবেশ চন্দ্ৰ গোস্বামীয়ে  “সোণৰ পদক ” আৰু  স্বীকৃতি পত্ৰ প্ৰদান কৰি সমুজ্জ্বল শৈক্ষিক ভৱিষ্যত কামনা কৰে । সম্প্ৰতি  মেঘালয় ৰাজ্যৰ শ্বিলংৰ  “নেহো” ত  এম ফিল কৰি থকা কৃতিমান শিক্ষাৰ্থী ৰিছাৰ  এই  বিৰল  বিদ্যায়তনিক স্বীকৃতিয়ে  একালৰ শিক্ষানুষ্ঠান নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ লগতে জন্মভূমি ঢকুৱাখনাতো  উল্লাসৰ জোৱাৰ তুলিছে।   ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থা , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ঢকুৱাখনা মহকুমা সমিতি , লখিমপুৰ জিলা যুৱ ছাত্ৰ পৰিষদ আদি ছাত্ৰ সংগঠনে কৃতিমান শিক্ষাৰ্থী  ৰিছাক অভিনন্দন জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই

Comments (0)
Add Comment