ঢাকাত উজলিল “সোণাৰ বৰণ পাখি”

ঢাকাত উজলিল “সোণাৰ বৰণ পাখি”

FB_IMG_1485089903916

সুখবৰ! আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত খ্যাতি অৰ্জন কৰিলে “সোণাৰ বৰণ পাখি” শীৰ্ষক এখন বায়’পিক বা আত্মজীৱনীমূলক ছবিয়ে। উল্লেখযোগ্য যে বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত এই ছবিখনে ১৫ সংখ্যক Best Audience Award লাভ কৰিবলৈ সক্ষম হৈছে। গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন কৰ্মৰ আধাৰত ববী শৰ্মা বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত ছবিখনৰ প্ৰযোজনা কৰিছে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমে। ছবিখনৰ সংগীত ব্যৱস্থাপনা কৰিছে সৌৰভ মহন্তই আৰু ছবিখনৰ সম্পাদনা কৰিছে দিগন্ত বৰাই। উল্লেখযোগ্য যে সোণাৰ বৰণ পাখিৰ লগতে হান্দুক আৰু “অন্তদৃষ্টি” নামৰ চিনেমাখন মুম্বাইৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে বুলি সৌৰভ মহন্তই জানিবলৈ দিছে।

IMG-20170122-WA0005

Comments (0)
Add Comment