সুখবৰ! আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত খ্যাতি অৰ্জন কৰিলে “সোণাৰ বৰণ পাখি” শীৰ্ষক এখন বায়’পিক বা আত্মজীৱনীমূলক ছবিয়ে। উল্লেখযোগ্য যে বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত এই ছবিখনে ১৫ সংখ্যক Best Audience Award লাভ কৰিবলৈ সক্ষম হৈছে। গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন কৰ্মৰ আধাৰত ববী শৰ্মা বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত ছবিখনৰ প্ৰযোজনা কৰিছে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমে। ছবিখনৰ সংগীত ব্যৱস্থাপনা কৰিছে সৌৰভ মহন্তই আৰু ছবিখনৰ সম্পাদনা কৰিছে দিগন্ত বৰাই। উল্লেখযোগ্য যে সোণাৰ বৰণ পাখিৰ লগতে হান্দুক আৰু “অন্তদৃষ্টি” নামৰ চিনেমাখন মুম্বাইৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে বুলি সৌৰভ মহন্তই জানিবলৈ দিছে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন

