তিনিটা ইতিবাচক খবৰে…

উদ্যোগিক খণ্ডত মহিলা সকলে বৰ্তমান সময়ত যথেষ্ট আগ ভাগ লৈছে যদিও বহু ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। এনে প্ৰত্যাহ্বানবোৰ দূৰীভূত কৰা তথা সঠিক পথ নিদৰ্শনৰ লগতে এখন মঞ্চ প্ৰদানৰ লক্ষ্যৰে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান চমুকৈ আই আই ই য়ে আয়োজন কৰিছে দুদিনীয়াকৈ সমাৱৰ্তন। ২৯ আৰু ৩০ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা সমাৱৰ্তন খনৰ মূল চাৰিটা লক্ষ্য হ’ল.. বিভিন্ন ব্যৱসায়িক ক্ষেত্ৰত নতুন ধাৰণা বৃদ্ধি কৰা, ব্যৱসায়িক পৰিকল্পনাৰ বিভিন্ন উদ্দেশ্যে নিৰীক্ষণ কৰা আৰু নেটৰ্ৱক সৃষ্টি কৰা। উল্লেখযোগ্য যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এনে সমাৱৰ্তন অনুষ্ঠিত হ’ব। এই কথা সদৰী কৰিছে আই আই ই ৰ সঞ্চালক মনোজ কুমাৰ দাসে।

কাইলৈ ৬৯তম্ গণৰাজ্য দিৱস। গণৰাজ্য দিৱস উপলক্ষে প্ৰশাসনৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি গঢ়ি তোলা দেখা গৈছে। খানাপাৰা ফিল্ডটো প্ৰস্তুতি পূৰ্ণ গতিত চলিছে। বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে গণতন্ত্ৰ দিৱসৰ কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰাৰ বাবে প্ৰস্তুতি চলোৱা দেখা দৈছে। ৰাজপথৰ কাষে কাষে জাতীয় পতাকাৰ দোকান বঢ়াৰ পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে শুক্ৰবাৰে গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পতাকা উত্তোলন কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে।

কেন্দ্ৰীয় চিল্ক বিভাগৰ উদ্যোগত অলপতে অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সন্মিলনত অংশগ্ৰহণৰ বাবে অহা বিভিন্ন দেশৰ প্ৰতিনিধিয়ে আজি ৰেচম বিভাগৰ কাৰ্য্যালয়ত গৈ কিদৰে মুগা, পাটৰ সুঁতা, এৰি সুঁতা প্ৰস্তুত হয় বুজ লয়। সেই সময়ত লগ পোৱা কেন্দ্ৰীয় চিল্ক বৰ্ডৰ জইন চেক্ৰেটাৰী কে কে ছেত্ৰীয়ে জানিবলৈ দিয়ে যে সন্মিলন খনৰ দ্বাৰা বহুতো ইতিবাচক দিশ উন্মোচিত হয়। তাৰ ভিতৰত অৰ্থনৈতিক উন্নয়নৰ দিশ, বৈজ্ঞানিক দৃষ্টিভংগী বিনিময় অন্যতম। ৰেচম বিভাগে অনাগত দিনত চাউথ ইষ্টৰ দেশত আৰু আফগানিস্থানত কাম কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব।

Comments (0)
Add Comment