দিনটোৰ ভাল খবৰ

বৰ্ত্তমান সময়ত প্ৰদূষণ আমাৰ বাবে এক চিন্তনীয় বিষয়। প্ৰদূষণ কি দৰে হ্ৰাস কৰিব পৰা যায়, প্ৰদূষণ সৃষ্টি কৰা উপাদান বিলাকক কিদৰে শক্তিলৈ ৰূপান্তৰিত কৰি কেঁচা সামগ্ৰী উপাদানৰ কামত ব্যৱহাৰ কৰিব পাৰো তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে সকলোৱে সজাগ সচেষ্ট হোৱা উচিত। এই মন্তব্য মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ।
আজি শ্ৰীমন্ত শংকৰদেৱ কালাক্ষেত্ৰত Waste Disposal Management ৰ এক সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে। লগতে কয় যে অসম অতি শীঘ্ৰে Assam Institute Of waste management এখন প্ৰতিষ্ঠানৰ উপৰিও Waste Management ৰ বিভিন্ন বিভাগ ৰখাৰ কথা সদৰী কৰে।
উল্লেখযোগ্য যে বৰ্ধিত প্ৰদূষনে জনজীৱন বিপন্ন কৰি তোলাৰ উপৰিও স্বাস্থ্য, পৰিবেশ ক্ষেত্ৰলৈ ভাবুকি কঢ়িয়াই আনিছে। সেয়েহে পুনৰ ব্যৱহাৰ, নৱীকৰণ কৰা অথবা ধবংস কৰি জাঁৱৰ জোথৰৰ প্ৰদূষণ হ্ৰাস কৰিব পাৰি। দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
আনহাতে বিমান সেৱাৰ ক্ষেত্ৰত নতুন সংযোজন ঘটিল স্পাইচজেট বিমানৰ। ডিব্ৰুগড়ৰৰ পৰা গুৱাহাটীলৈ যাতায়তৰ ক্ষেত্ৰত এই বিমানে এক নতুন মাত্ৰা প্ৰদান কৰিব। আজি কলাক্ষেত্ৰৰ বাকৰিত উদ্বোধন কৰি এই মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে।
ন ন তথ্য তথা খবৰে আপোনাক সমৃদ্ধ কৰি তুলিব nefocus.com য়ে। তাৰ বাবে লগ ইন কৰিবলৈ নাপাহৰিব www.nefocus.com
Comments (0)
Add Comment