দুটা নতুন ইতিবাচক খবৰ

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত ল’লে নৱ নিযুক্ত ৰাজ্যপাল ড০ জগদীশ মুখীয়ে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিঙে ৰাজ্যপাল গৰাকীক শপত বাক্য পাঠ কৰায়। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত আছিল।
 
আনহাতে T-20 খেল আজিৰে পৰা বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। আজি সন্ধিয়া ৭বজাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত খেল অনুষ্ঠিত হ’ব। সম্পূৰ্ণ অত্যাধুনিক প্ৰযুক্তিৰে খেল পথাৰ খন সুসজ্জিত কৰিছে। বালি, শিল আৰু অষ্ট্ৰেলিয়াৰ পৰা অনা ঘাঁহেৰে খেল পথাৰ খন নিৰ্মাণ কৰিছে। বৰষুণ হ’লেও অতি সহজতে পানী শুকাই যাব পৰা ব্যৱস্থা আছে। ৩৭,০০০ হাজাৰ দৰ্শকে একেলগে উপভোগ কৰিব পৰাকৈ আসনৰ ব্যৱস্থা আছে। সাংবাদিক কক্ষত ৩৫০ খন আসন আছে। খেল আৰম্ভ হোৱাৰ ২ ঘণ্টা পূৰ্বে দৰ্শকক আসন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ১০টা  VIP box ২৫ লাখ টকাত নিলাম হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে  কেক কাটি খেলপথাৰ খন উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে। উল্লেখ্যযোগ্য যে, একমাত্ৰ অসমীয়া ইতিবাচক খবৰৰ প্ৰথমটো নিউজ পৰ্টেল nefocus.com য়ে খেলপথাৰ প্ৰবেশৰ বাবে অনুমতি লাভ কৰিছে। ই-অসমীয়া ৱেব মেডিয়াৰ বাবে খুবেই ইতিবাচক খবৰ। স্মতৰ্ব্য যে সুদীৰ্ঘ ৭বছৰৰ পিছত এনেদৰে গৃহভূমিত খেল অনুষ্ঠিত হোৱাৰ বাবে অনুৰাগী সকল যথেষ্ট উৎফুল্লিত হৈ পৰিছে।
Comments (0)
Add Comment